உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • PM Modi Address to Nation: প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা- ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বাবে ৩ জানুৱাৰীৰ পৰা কোৰোনা টিকাকৰণ

    PM Modi Address to Nation: প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা- ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ল'ৰা-ছোৱালীৰ বাবে ৩ জানুৱাৰীৰ পৰা কোৰোনা টিকাকৰণ

    COVID-19 vaccination for children: ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকচিনৰ Precaution Dose প্ৰৱৰ্তন কৰা হ'ব। ইয়াক ২০২২ চনৰ ১০ জানুৱাৰী, সোমবাৰে মুকলি কৰা হ'ব।

    COVID-19 vaccination for children: ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকচিনৰ Precaution Dose প্ৰৱৰ্তন কৰা হ'ব। ইয়াক ২০২২ চনৰ ১০ জানুৱাৰী, সোমবাৰে মুকলি কৰা হ'ব।

    COVID-19 vaccination for children: ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকচিনৰ Precaution Dose প্ৰৱৰ্তন কৰা হ'ব। ইয়াক ২০২২ চনৰ ১০ জানুৱাৰী, সোমবাৰে মুকলি কৰা হ'ব।

    • Share this:

    কোৰোনা ভাইৰাছৰ নতুন প্ৰকাৰ অ'মিক্ৰনৰ ভাবুকিৰ মাজতে শনিবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi address to nation)। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কোৰোনাৰ নতুন প্ৰকাৰক লৈ দেশক জনগণ সাৱধান হোৱাৰ প্ৰয়োজন আৰু সকলো দেশবাসীয়ে মাস্ক পিন্ধাটো অতিকৈ জৰুৰী। বৰ্তমান দেশত ১ লাখ ৪০ হাজাৰ আইচিইউ বেডৰ লগতে অক্সিজেনসহ ৫ লাখ বেড থকা বুলি উল্লেখ কৰে। এতিয়ালৈকে দেশত ১৪১ কোটি লোকৰ টিকাকৰণৰ বিষয়ে জানিবলৈ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতৰ বহু লোকৰ দেহত অ'মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। মই আপোনালোক সকলোকে অনুৰোধ কৰিম যে আতংকিত নহ'ব (no need to panic), কিন্তু সাৱধান আৰু সতৰ্ক হ'ব। মাস্ক পিন্ধা আৰু সময়ৰ মূৰে মূৰে হাত ধোৱাৰ কথাটো মানি চলিব।"


    তেওঁ লগতে কয়, "এতিয়ালৈকে বিশ্বব্যাপী কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া অভিজ্ঞতাই দেখুৱাইছে যে ব্যক্তিগত পৰ্যায়ত সকলো নিৰ্দেশনা অনুসৰণ কৰাটো কোৰোনাৰ সৈতে প্ৰতিযোগিতা কৰাৰ বাবে এক উৎকৃষ্ট অস্ত্ৰ। আৰু দ্বিতীয় অস্ত্ৰবিধ টিকাকৰণ।"


    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ মুখ্য অংশসমূহ:


    ভাৰতে এই বছৰৰ ১৬ জানুৱাৰীৰ পৰা নাগৰিকসকলক ভেকচিন প্ৰদান কৰা আৰম্ভ কৰিছিল। দেশৰ সকলো নাগৰিকৰ সামূহিক প্ৰচেষ্টা আৰু সামূহিক ইচ্ছাত আজি ভাৰতে ১৪১ কোটি ভেকচিন ড'জৰ অভূতপূৰ্ব আৰু অতি কঠিন লক্ষ্য অতিক্ৰম কৰিছে।


    আজি, ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৬১ শতাংশতকৈও অধিক লোকে ভেকচিনৰ দুয়োটা পালি লাভ কৰিছে। একেদৰে, প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ লোকক টিকাকৰণ কৰা হৈছে।


    আজি, প্ৰতিজন ভাৰতীয়ই গৌৰৱান্বিত হ'ব যে আমি বিশ্বৰ সৰ্ববৃহৎ আটাইতকৈ সম্প্ৰসাৰিত আৰু কঠিন ভৌগোলিক পৰিস্থিতিৰ মাজত এনে এক সুৰক্ষিত টিকাকৰণ অভিযান আৰম্ভ কৰিছোঁ। বহুতো ৰাজ্য, বিশেষকৈ গোৱা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ দৰে পৰ্যটন-গুৰুত্বপূৰ্ণ ৰাজ্যই ১০০ শতাংশ ছিংগল ড'জ টিকাকৰণৰ লক্ষ্য প্ৰাপ্ত কৰিছে।


    আমি সকলোৱে জানো যে কোৰোনা এতিয়াও যোৱা নাই, এনে পৰিস্থিতিত সতৰ্কতা অতি গুৰুত্বপূৰ্ণ। আমি দেশ আৰু দেশবাসীক সুৰক্ষিত ৰখাৰ বাবে নিৰন্তৰ কাম কৰি আহিছোঁ। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ শিশুৰ বাবে দেশত এতিয়া টিকাকৰণ আৰম্ভ হ'ব। ২০২২ চনৰ ৩ জানুৱাৰীৰ সোমবাৰৰ পৰা এয়া মুকলি কৰা হ'ব (vaccination programme for children aged 15-18)।


    আমি সকলোৱে অনুভৱ কৰোঁ যে যিসকল কোৰোনা যোদ্ধা, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মী তেওঁলোকে এই যুঁজত দেশক সুৰক্ষিত ৰখাত যথেষ্ট অৰিহণা যোগাইছে। তেওঁলোকে এতিয়াও তেওঁলোকৰ বহু সময় কোৰোনা ৰোগীসকলক সেৱা আগবঢ়োৱাত অতিবাহিত কৰে। সেয়েহে, সাৱধানতাৰ দৃষ্টিকোণৰ পৰা চৰকাৰে সিদ্ধান্ত লৈছে যে স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকচিনৰ Precaution Dose প্ৰৱৰ্তন কৰা হ'ব। ইয়াক ২০২২ চনৰ ১০ জানুৱাৰী, সোমবাৰে মুকলি কৰা হ'ব।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    Published by:Gautam Barman
    First published: