• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ONGCৰ ৩ অপহৃত বিষয়া ক'ত? ৩ দিনৰ পিছতো দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে

ONGCৰ ৩ অপহৃত বিষয়া ক'ত? ৩ দিনৰ পিছতো দায়িত্ব স্বীকাৰ কৰা নাই কোনো সংগঠনে

যোৱা মঙলবাৰৰ মাজ নিশাই চৰাইদেউ জিলাৰ লাকুৱাৰ ONGCৰ ৰিগত কৰ্তব্যৰত অৱস্থাৰ পৰাই অপহৰণ কৰা হৈছিল ONGCৰ তিনি বিষয়াক ৷

যোৱা মঙলবাৰৰ মাজ নিশাই চৰাইদেউ জিলাৰ লাকুৱাৰ ONGCৰ ৰিগত কৰ্তব্যৰত অৱস্থাৰ পৰাই অপহৰণ কৰা হৈছিল ONGCৰ তিনি বিষয়াক ৷

যোৱা মঙলবাৰৰ মাজ নিশাই চৰাইদেউ জিলাৰ লাকুৱাৰ ONGCৰ ৰিগত কৰ্তব্যৰত অৱস্থাৰ পৰাই অপহৰণ কৰা হৈছিল ONGCৰ তিনি বিষয়াক ৷

  • Share this:
৩ দিন অতিক্ৰম কৰিলে ONGCৰ ৩ বিষয়াৰ অপহৰণ কাণ্ডই ৷ কিন্তু ৩ দিন পিছতো কোনো শুংসূত্ৰ ওলোৱা নাই বিষয়াকেইজনৰ ৷ আনকি অপহৰণৰ দায়িত্বও স্বীকাৰ কৰা নাই কোনো এটা সংগঠনে ৷

যোৱা মঙলবাৰৰ মাজ নিশাই চৰাইদেউ জিলাৰ লাকুৱাৰ ONGCৰ ৰিগত কৰ্তব্যৰত অৱস্থাৰ পৰাই অপহৰণ কৰা হৈছিল ONGCৰ তিনি বিষয়াক ৷ ৫ জনীয়া সশস্ত্ৰ বিদ্ৰোহীৰ দল এটাই মঙলবাৰে দুপৰ নিশা অতৰ্কিতে প্ৰৱেশ কৰিছিল লাকুৱাত থকা ONGCৰ প্ৰকল্পত। ইয়াৰ পৰাই কৰ্মৰত অৱস্থাত থকা মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক অপহৰণ কৰে দলটোৱে ৷ অপহৰণকাৰীয়ে নিৰাপদ প্ৰস্থানৰ বাবে অধিগ্ৰহণ কৰিছিল এখন এম্বুলেঞ্চৰ ।

আজি ৩ দিন অতিক্ৰম কৰিলে সেই অপহৰণ কাণ্ডই; কিন্তু কোনো শুংসূত্ৰ নোলাল অপহৃত এই ৩ বিষয়াৰ ৷ সন্দেহ কৰা মতে, পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন আৰু য়ুং আং নেতৃত্বাধীন NSCN-Kৰ এটা যৌথ দলে সুপৰিকল্পিত ভাৱে এই অপহৰণ কাণ্ডটো সংঘটিত কৰিলে ৷ চোৰাংচোৱাৰ এক সুত্ৰই দাবী কৰা মতে, বুধবাৰৰ দিনটোৰ ভিতৰতে আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ONGCৰ বিষয়া ৩ জনক লৈ গৈছে ম্যানমাৰলৈ ৷ ম্যানমাৰৰ গভীৰ অৰণ্যত অপহৰণকাৰী দলে ৰাখিছে বিষয়া কেইজনক ৷

উল্লেখযোগ্য যে, অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পিছদিনাই ONGCৰ বিষয়া ৩ জনক মুকলি কৰি আনিবলৈ পৰিয়াল আৰু চৰকাৰে বিচাৰিলে কৌশিক ফুকনে মধ্যস্থতা কৰিবলৈ সাজু বুলি সদৰি কৰিছিল ৷ কিন্তু এই পৰ্যন্ত আলফা স্বাধীন বা NSCN-Kৰ তৰফৰ পৰা অপহৰণ কাণ্ডৰ সন্দৰ্ভত মুখ খোলা নাই ৷ স্বীকাৰ কৰা নাই অপহৰণৰ কাণ্ডৰ সন্দৰ্ভত ৷ এনে প্ৰেক্ষাপটত মধ্যস্থতাকাৰী কৌশিক ফুকনে গোপনে ONGCৰ সৈতে যোগাযোগ কৰিছে নে নাই জানিব পৰা হোৱা নাই ৷

কিন্তু আৰক্ষীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত অব্যাহত ৰাখিছে অভিযান ৷ অপহৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত বহুকেইজনক ইতিমধ্যে সোধাপোছাৰ বাবে আটক কৰিছে আৰু বহুকেইজনক গ্ৰেপ্তাৰো কৰিছে ৷ সমান্তৰালকৈ অসম-নাগালেণ্ড আৰু নাগালেণ্ড-ম্যানমাৰ সীমান্তত সেনা-আছাম ৰাইফলছে অব্যাহত ৰাখিছে অভিযান ৷
Published by:Himangshu Bhuyan
First published: