• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ভিজা চুলিৰে নুশুব, হ’ব পাৰে একাধিক সমস্যা!

ভিজা চুলিৰে নুশুব, হ’ব পাৰে একাধিক সমস্যা!

প্ৰতীকী ফটো

প্ৰতীকী ফটো

যদি আপুনি এই কাম কৰে তেন্তে সাৱধান! চুলি নুশুকুৱাকৈ অৰ্থাৎ ভিজা চুলিৰে দীৰ্ঘ সময় শুলে হ’ব পাৰে বহু সমস্যা।

  • Share this:
বহুতৰে আছে এই অভ্যাস। বহুতেই অৱশ্যে দৈনিক কামৰ হেঁচাত সময় নাপায়। দিনত সময় নহয় বাবে নিশা চুলি ধোৱে বহু লোকে। আৰু সেই ভিজা চুলিৰেই শুবলৈ যায়। বহুতে দিনতে এই কাম কৰে। যদি আপুনি এই কাম কৰে তেন্তে সাৱধান! চুলি নুশুকুৱাকৈ অৰ্থাৎ ভিজা চুলিৰে দীৰ্ঘ সময় শুলে হ’ব পাৰে বহু সমস্যা। কি কি সমস্যাই দেখা দিব পাৰে জানো আহক।

চুলি ভিজা থাকিলে চুলিৰ ফলিকলসমূহ দুৰ্বল হৈ থাকে। এইক্ষেত্ৰত ভিজা চুলিৰে দীৰ্ঘসময় একেভাৱে থাকিলে চুলি আৰু অধিক দুৰ্বল হৈ পৰে। ইয়াৰ ফলত চুলি সৰাৰ পৰিমাণ বাঢ়ি যায়।

ভিজা চুলিৰে শোৱা মানে নানা ধৰণৰ বেক্টেৰিয়া আৰু বীজাণুৰ সংক্ৰমণৰ বাবে অনুকুল পৰিৱেশ সৃষ্টি কৰি দিয়া। শৰীৰৰ উষ্ণতা আৰু মূৰৰ আৰ্দ্ৰভাৱে বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে।

ভিজা চুলিৰে দীৰ্ঘসময় শোৱাৰ ফলত চুলিৰ স্বভাৱজাত অইল প্ৰডিউছিং ক্ষমতা কমি যায়। ফলত চুলি ক্ষতিগ্ৰস্ত হয়।

ইয়াৰ ফলত নানা ধৰণৰ ব্ৰন হ’ব পাৰে। চুলিৰ মাজত সৰু সৰু ফোহা ওলাব পাৰে। এবাৰ যদি ভিজা চুলিৰে গাৰুৰ ওপৰত মূৰ থৈ শোৱে তেন্তে গাৰুত মুখৰ অংশও থাকে। ফলত বেক্টেৰিয়াই বংশবিস্তাৰ কৰিবলৈ আৰম্ভ ৰে। এইক্ষেত্ৰত মুখত বা মূৰৰ আশে–পাশে নানা ধৰণৰ ব্ৰন ওলাব পাৰে।

ভিজা চুলিৰে দীৰ্ঘসময় শুলে ঠাণ্ডা লগাৰ প্ৰবল সম্ভাৱনা থাকে। চুলিৰ আৰ্দ্ৰভাৱৰ ফলত শৰীৰৰ তাপমাত্ৰা কমি যায়। ফলত কফ–কাহ, জ্বৰ, আনকি ভাইৰেল জ্বৰ হোৱাৰো সম্ভাৱনা থাকে। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিধ্বস্ত হয়।

ভিজা চুলি ৰক্ষা কৰিবলৈ কি পদ্ধতি অৱলম্বন কৰিব –

হেয়াৰ কিউটিকলৰ বিৰুদ্ধে যুঁজিবলৈ চুলিত কণ্ডিচনাৰ লগাব পাৰে। ফলত চুলিত জট নধৰে। চুলিৰ ভংগুৰতা দূৰ হ’ব। চুলিব মজবুত হৈ থাকিব।

ভিজা চুলিৰে শুলে ছিল্কৰ গাৰু কভাৰ ব্যৱহাৰ কৰিব পাৰে। ই চুলিৰ ক্ষয় ৰোধত সহায় কৰিব পাৰে।

ভিজা চুলিৰ ভংগুৰতা দূৰ কৰাৰ বাবে অত্যন্ত কাৰ্যকৰী নাৰিকলৰ তেল। সেয়ে বিছনালৈ যোৱাৰ পূৰ্বে চুলিত ভালকৈ নাৰিকলৰ তেল লগাই মালিচ কৰিব পাৰে। এইক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অত্যন্ত প্ৰয়োজনীয়।
Published by:Sanjay Kumar Das
First published: