உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Omicron|Corona Third Wave : অমিক্ৰন আহিল, কোৰোণাৰো সংক্ৰমণ বাঢ়িছে, দেশত কেতিয়া আহিব কোৰোণাৰ তৃতীয় লহৰ, কি কয় বিশেষজ্ঞই?

    Omicron|Corona Third Wave : অমিক্ৰন আহিল, কোৰোণাৰো সংক্ৰমণ বাঢ়িছে, দেশত কেতিয়া আহিব কোৰোণাৰ তৃতীয় লহৰ, কি কয় বিশেষজ্ঞই?

    Omicron|Corona Third Wave : কেইবাটাও সংস্থা আৰু বিশেষজ্ঞই অনুমান কৰিছে যে নতুন বছৰৰ প্ৰথম ভাগতে কোৰোণাৰ তৃতীয় লহৰ আহিব পাৰে।

    Omicron|Corona Third Wave : কেইবাটাও সংস্থা আৰু বিশেষজ্ঞই অনুমান কৰিছে যে নতুন বছৰৰ প্ৰথম ভাগতে কোৰোণাৰ তৃতীয় লহৰ আহিব পাৰে।

    Omicron|Corona Third Wave : কেইবাটাও সংস্থা আৰু বিশেষজ্ঞই অনুমান কৰিছে যে নতুন বছৰৰ প্ৰথম ভাগতে কোৰোণাৰ তৃতীয় লহৰ আহিব পাৰে।

    • Share this:
    লাহে লাহে ভাৰতত বাঢ়িব ধৰিছে কোৰোণা ভেৰিয়েণ্ট অমিক্ৰন (Omicron)ৰ সংক্ৰমণ। দিল্লী আৰু মহাৰাষ্ট্ৰত দ্ৰুতগতিত অমিক্ৰনৰ সংক্ৰমণ বঢ়াৰ লগতে আন আন ৰাজ্যসমূহতো ক্ৰমান্বয়ে বাঢ়ি আছে অমিক্ৰনৰ সংক্ৰমণ। ডেল্টা ভেৰিয়েণ্টতকৈ অধিক সংক্ৰমক অমিক্ৰনে ইতিমধ্যে আমেৰিকা ইউৰোপত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অৱশ্যে ইয়াৰ লক্ষণ এতিয়ালৈ সাধাৰণ পোৱা গৈছে।

    অমিক্ৰনৰ সংক্ৰমণ আৰু কোৰোণাত আক্ৰান্তৰ (Corona Cases in India) সংখ্যা বৃদ্ধিৰ লগে লগে দেশত তৃতীয় লহৰৰ (Third Wave of Corona) আশংকা ঘনীভূত হৈছে। এই বছৰ এপ্ৰিলৰ পৰা জুন মাহলৈ কোৰোণাৰ দ্বিতীয় লহৰে বিশ্বৰ লগতে ভাৰততো সংহাৰী  ৰূপ ধাৰণ কৰিছিল। অমিক্ৰনৰ সংক্ৰমণৰ পিছতে ইতিমধ্য দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, অসমকে ধৰি কেইবাখনো ৰাজ্যই নৈশ কাৰ্ফিউ আৰু অন্য কিছু সতৰ্কতামূলক বাধা-নিষেধ জাৰি কৰিছে। প্ৰশ্ন হৈছে সঁচাকৈ এইবাৰ কোৰোণাৰ তৃতীয় লহৰ আহিব নেকি?

    বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে (Bihar CM Nitish Kumar) দাবী কৰা মতে বিহাৰত ইতিমধ্যে কোভিড১৯ৰ তৃতীয় লহৰ (Covid19 Third Wave) আৰম্ভ হৈছে। ৰাজ্যখনত সকলোধৰণৰ প্ৰস্তুতি কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

    আইআইটি কানপুৰ (IIT Kanpur)ৰ বিশেষজ্ঞই অনুমান কৰা মতে ভাৰতত ফেব্ৰুৱাৰী মাহত অমিক্ৰনৰ লগতে কোৰোণাৰ সংক্ৰমণে শীৰ্ষবিন্দুত উপনীত হ'ব। ইউৰোপ আমেৰিকাৰ দেশৰ সংক্ৰমণৰ হাৰৰ সমানে যদি ভাৰততো সংক্ৰমণ হয় তেন্তে ফেব্ৰুৱাৰী মাহতেই কোৰোণাৰ তৃতীয় লহৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।

    আনহাতে National Covid-19 Supermodel Committeeৰ মতেও নতুন বছৰৰ আৰম্ভণিতে কোৰোণাৰ তৃতীয় লহৰ আৰম্ভ হ'ব পাৰে। অৱশ্যে এই তৃতীয় লহৰ দ্বিতীয় লহৰৰ দৰে মাৰাত্মক নহ'ব বুলি অনুমান কৰিছে কমিটীয়ে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    তৃতীয় লহৰত অমিক্ৰমনৰ সংক্ৰমণেই অধিক হ'ব।

    Published by:Manjumoni Borah
    First published: