নতুন বছৰৰ আৰম্ভণিতে কোৰোণাৰ তৃতীয় লহৰ (Corona Third Wave) সংক্ৰমণ হ'ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় কোভিড ১৯ ছুপাৰ কমিটী (Covid-19 Super Model Committee)য়ে । এই কমিটীয়ে দাবী কৰা মতে দেশত কোৰোণা মহামাৰী (Corona Pandemic)ৰ তৃতীয় লহৰ অহাৰ প্ৰৱল সম্ভাৱনা আছে। সংবাদ প্ৰতিষ্ঠান ANIৰ সৈতে এই কমিটীৰ মুৰব্বী বিদ্যাসাগৰে কয় যে ভাৰতত নতুন বছৰৰ আৰম্ভণিতে কোৰোণাৰ তৃতীয় লহৰ আহিব আৰু ফেব্ৰুৱাৰী মাহত ই শীৰ্ষ বিন্দুত উপনীত হ'ব।
অৱশ্যে কোৰোণাৰ দ্বিতীয় লহৰৰ তুলনাত তৃতীয় লহৰ কম ঘাতক হ'ব বুলিও মন্তব্য কৰে বিদ্যাসাগৰে। ইয়াৰ মূল কাৰণ হৈছে কোভিড১৯ ভেকচিন। টীকাকৰণৰ বাবে দেশৰ অধিকাংশ লোকৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িছে আৰু সেয়ে কোৰোণাৰ তৃতীয় লহৰ অতি মাৰাত্মক হোৱাৰ ভয় কম। উল্লেখ্য যে দেশত প্ৰতিগিনে প্ৰায় ৭-৮ হাজাৰ কোৰোণা সংক্ৰমণৰ কেছ আহি আছে। কিন্তু অমিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাি এই হাৰ বৃদ্ধি হোৱাৰ আশংকা আছে।