• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • হঠাত্‍ অসুস্থ NSCN-IMৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক থুইগাংলেং মুইভা; হেলিকপ্টাৰেৰে কেম্প হেব্ৰনৰ পৰা লৈ যোৱা হ'ল হাস্পতাললৈ

হঠাত্‍ অসুস্থ NSCN-IMৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক থুইগাংলেং মুইভা; হেলিকপ্টাৰেৰে কেম্প হেব্ৰনৰ পৰা লৈ যোৱা হ'ল হাস্পতাললৈ

হাস্পতালত কেনে আছে মুইভা?

হাস্পতালত কেনে আছে মুইভা?

হাস্পতালত কেনে আছে মুইভা?

  • Share this:
এবছৰৰ ভিতৰতে গুৰুতৰভাৱে দ্বিতীয়বাৰ অসুস্থ হৈ পৰিছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন NSCNৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক থুইগাংলেং মুইভা ৷ শুকুৰবাৰে গুৰুতৰভাৱে কেম্প হেব্ৰনতে অসুস্থ হৈ পৰে মুইভা ৷

৮৮ বছৰীয়া বৰ্ষীয়ান বিদ্ৰোহী নেতা মুইভাক কেম্প হেব্ৰনৰ পৰা ততাতৈয়াকৈ হেলিকপ্টাৰৰেৰে ডিমাপুৰত থকা খ্ৰীষ্টিয়ান ইনষ্টিটিউটত অৱ হেল্থ ছায়েন্সছ এণ্ড ৰিছাৰ্ছ (CIHSR)ত ভৰ্তি কৰোৱা হয় ৷

NSCN(IM)ৰ এক শীৰ্ষ সুত্ৰই সদৰি কৰা মতে, কেম্প হেব্ৰনত হঠাতে অসুস্থ হৈ পৰা মুইভাক ততাতৈয়াকৈ কেম্প হেব্ৰনৰ পৰা হেলিকপ্টাৰেৰে ডিমাপুৰ বিমান বন্দৰলৈ লৈ যোৱা হয় শুকুৰবাৰৰ আবেলি প্ৰায় ৪:৩০ বজাত ৷

ডিমাপুৰ বিমান বন্দৰৰ পৰা পোনেপোনে মুইভাক CIHSRত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি চিকিৎসালয়খনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে মুইভাৰ ৷ কিন্তু এই পৰ্যন্ত চিকিৎসকে কোনো কথা ৰাজহুৱা কৰা নাই ৷

১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে যুদ্ধবিৰতত থাকি আলোচনা চলাই যোৱা NSCM-IMয়ে মুইভাৰ নেতৃত্বতে চৰকাৰৰ সৈতে কৰি আছে মধ্যস্থতা ৷ ইয়াৰ মাজতে ২০১৫ৰ তিনি আগষ্টত ভাৰত চৰকাৰৰ সৈতে ফ্ৰেম ৱৰ্ক এগ্ৰিমেণ্টত স্বাক্ষৰ কৰে ৷ কিন্তু এই পৰ্যন্ত চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰিবলৈ উভয় পক্ষ সক্ষম হোৱা নাই ৷ মুখ্যত থুইগাংলেং মুইভাই পৃথক পতাকা আৰু সংবিধানৰ দাবী এৰি নিদিয়াৰ বাবেই সফল হৈ উঠা নাই চূড়ান্ত চুক্তি ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি