ভাৰতীয় ৰেল বিভাগত চাকৰি! মহিলাৰ বাবে থাকিব ৫০ শতাংশ সংৰক্ষণ

অচিৰেই ৰে’লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত নিযুক্তি দিয়া হ’ব দেশৰ ৯ হাজাৰো অধিক নিবনুৱাক

News18-Assam
Updated:June 29, 2019, 9:28 AM IST
ভাৰতীয় ৰেল বিভাগত চাকৰি! মহিলাৰ বাবে থাকিব ৫০ শতাংশ সংৰক্ষণ
অচিৰেই ৰে’লৱে সুৰক্ষা বল অৰ্থাৎ আৰ পি এফত নিযুক্তি দিয়া হ’ব দেশৰ ৯ হাজাৰো অধিক নিবনুৱাক
News18-Assam
Updated: June 29, 2019, 9:28 AM IST
দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। অতি শীঘ্ৰে ভাৰতীয় ৰেল বিভাগত নিযুক্তি দিয়া হ’ব ৯ হাজাৰৰো অধিক যুৱক যুৱতীক। শুকুৰবাৰে ৰাজ্যসভাত এই ঘোষণা কৰে ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে। লগতে ৰেল মন্ত্ৰণালয়ে জনাইছে যে, এই ৯ হাজাৰ পদৰ ৫০ শতাংশ আসন থাকিব মহিলাৰ বাবে সংৰক্ষিত। উল্লেখ্য যে বৰ্তমান ভাৰতীয় ৰেল বিভাগৰ আৰ পি এফৰ পদ সমূহত নিয়োজিত হৈ আছে দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২.২৫ শতাংশ মহিলা।ইয়াৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবেই কেন্দ্ৰই  মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি