
ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বাঢ়নী পানীয়ে ছিঙে মথাউৰি
ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বাঢ়নী পানীয়ে ছিঙে মথাউৰি
মঙলদৈৰ পৰা ছিপাঝাৰ সংযোগী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা দৰং জিলা প্ৰশাসনৰ। পিপৰা দোকানৰ পৰা শাকতোলা দলঙলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে শাকতোলা নদীৰ পানী বাগৰাৰ ফলত যাতায়াত বন্ধ কৰি দিলে ঘাইপথত।
ভূটানৰ পৰা নামি অহা শাকতোলা নদীৰ বাঢ়নী পানীয়ে বৰ আঠিয়াবাৰীত দ্বিতীয়বাৰৰ বাবে মথাউৰি ছিঙি নিয়াত বৰ আঠিয়াবাৰীৰ লগতে কেইবাখনো গাঁও বানৰ কবলত পৰাৰ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাত দৰং জিলা প্ৰশাসনে বন্ধ কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথটো।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|