আৰক্ষীয়ে সোধা-পোছা কৰাত টকাখিনিৰ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে লোকজনে। লগে লগে আৰক্ষীয়ে টকাখিনি জব্দ কৰি দীনেশক আটক কৰে।
আৰক্ষীয়ে সোধা-পোছা কৰাত টকাখিনিৰ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে লোকজনে। লগে লগে আৰক্ষীয়ে টকাখিনি জব্দ কৰি দীনেশক আটক কৰে।
ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ টকা জব্দ। জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশমৰ্মে চলিছিল অভিযান। ৰাজপথত অহৰ্নিশে চলিছে আৰক্ষীৰ তালাচী অভিযান। আৰক্ষীৰ এটা দলে তন্ন তন্নকৈ তালাচী চলাইছে প্ৰতিখন বাহনত। দীনেশ সিং নামৰ এজন লোকে বাইকেৰে লৈ গৈ থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ৩ লাখ ৫০ হাজাৰকৈ টকা। আৰক্ষীয়ে সোধা-পোছা কৰাত টকাখিনিৰ কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰিলে লোকজনে। লগে লগে আৰক্ষীয়ে টকাখিনি জব্দ কৰি দীনেশক আটক কৰে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে লোকজনৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|