মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»Sipajhar Eviction : অপশক্তিৰ উচতনিত সংঘটিত হৈছে গৰুখুঁটি কাণ্ড, বঙাইগাঁৱত ক’লে মন্ত্ৰী অতুল বৰাই

Sipajhar Eviction : অপশক্তিৰ উচতনিত সংঘটিত হৈছে গৰুখুঁটি কাণ্ড, বঙাইগাঁৱত ক’লে মন্ত্ৰী অতুল বৰাই

News18 Assam | News18-Assam
Updated:September 26, 2021, 10:43 AM IST
Sipajhar Eviction : অপশক্তিৰ উচতনিত সংঘটিত হৈছে গৰুখুঁটি কাণ্ড, বঙাইগাঁৱত ক’লে মন্ত্ৰী অতুল বৰাই
গৰুখুঁটি কাণ্ডৰ আঁৰত কংগ্ৰেছ, এআইইউডিএফৰ হাতত থাকিব পাৰে বুলি মন্ত্ৰী বৰাই সন্দেহ প্ৰকাশ কৰে৷

গৰুখুঁটি কাণ্ডৰ আঁৰত কংগ্ৰেছ, এআইইউডিএফৰ হাতত থাকিব পাৰে বুলি মন্ত্ৰী বৰাই সন্দেহ প্ৰকাশ কৰে৷

  • News18 Assam
  • Last Updated: September 26, 2021, 10:43 AM IST
  • Share this:
আইন হাতত ল’লে চৰকাৰে মনে মনে বহি নাথাকে৷ গৰুখুঁটি কাণ্ডক লৈ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ৷ বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰী বৰাই কৃষি পামৰ কামত বাধা প্ৰদান কৰাৰ বাবে অপশক্তিৰ উচতনিত সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে৷ মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোপনৰ প্ৰকল্প হিচাপে গ্ৰহণ কৰি কৃষিপাম স্থাপনৰ কাম আগুৱাই নিয়া হৈছে৷ ইয়াৰ বাবে অঞ্চলটোত বেদখলকাৰীসকলক অইনগতভাৱে সংস্থাপন দিয়াৰ ব্যৱস্থাও লোৱা হৈছিল৷ কিন্তু হঠাতে উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ চৰকাৰী কামত বাধা প্ৰদান কৰিলে কোনেও হাত সাবটি বহি থাকি নোৱাৰে৷

আনহাতে, শতাধিক লোকক উচ্ছেদৰ বাবে আলাপ-আলোচনা চলি থকাৰ সময়তে বৃহৎ সংখ্যক লোক সমবেত হৈ দলৱদ্ধভাৱে আক্ৰমণ চলোৱাৰ ফলত সমগ্ৰ ঘটনা পূৰ্বপৰিকল্পিত বুলি প্ৰমাণিত কৰিছে৷ কেৱল গৰুখুঁটি প্ৰকল্পই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সকলো কৃষি প্ৰকল্পই উচ্ছেদ অভিযান অব্যাহত ৰাখি বেদখলমুক্ত কৰি তোলা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, গৰুখুঁটি কাণ্ডৰ আঁৰত কংগ্ৰেছ, এআইইউডিএফৰ হাতত থাকিব পাৰে বুলি মন্ত্ৰী বৰাই সন্দেহ প্ৰকাশ কৰে৷
Published by: Sanjay Kumar Das
First published: September 26, 2021, 10:40 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি