মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাতিল কৰিলে মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাতিল কৰিলে মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা

News18-Assam
Updated:June 29, 2019, 9:49 AM IST
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাতিল কৰিলে মাজুলী নিমাতীৰ মাজৰ ফেৰী সেৱা
লুইতৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

লুইতৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

  • Share this:
বিগত কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। অস্বাভাৱিক হাৰত জলপৃষ্ঠ বৃদ্ধি পোৱাত মাজুলী প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাতিল কৰে মাজুলী নিমাতীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো ফেৰী। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মাজুলীবাসীৰ।
‍বৰলুইতত মাত্ৰ ৩ খন জাহাজ চলাচল কৰাৰ বাবে ঘন্টা ঘন্টা ধৰি পাৰঘাটত আবদ্ধ হ'বলগীয়া হৈছে শ-শ যাত্ৰীয়ে। লুইতৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনৰ এনে সিদ্ধান্তত পণবন্দী হ'বলগীয়া হৈছে মাজুলীবাসী।
First published: June 29, 2019, 9:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি