নচলিব কোনো ধৰ্মীয় শিক্ষা! ৰাজ্যত নৱেম্বৰৰ পৰা বন্ধ হ’ব মাদ্ৰাছা বৰ্ড আৰু সংস্কৃত টোল

News18 Assam | News18-Assam
Updated:October 17, 2020, 5:23 PM IST
নচলিব কোনো ধৰ্মীয় শিক্ষা! ৰাজ্যত নৱেম্বৰৰ পৰা বন্ধ হ’ব মাদ্ৰাছা বৰ্ড আৰু সংস্কৃত টোল
বন্ধ হ’বলগীয়া মাদ্ৰাছা সমূহ ৰূপান্তৰিত কৰা হ’ব হাইস্কুল অথবা সাধাৰণ বিদ্যালয়লৈ

বন্ধ হ’বলগীয়া মাদ্ৰাছা সমূহ ৰূপান্তৰিত কৰা হ’ব হাইস্কুল অথবা সাধাৰণ বিদ্যালয়লৈ

  • Share this:
ৰাজ্যত নৱেম্বৰ মাহত বন্ধ হ’ব মাদ্ৰাছা বৰ্ড আৰু সাংস্কৃত টোল সমূহ। পূৰ্বৰ দৰে ছাত্ৰ-ছাত্ৰী সকলে ছেবাৰ অধীনত থকা হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। কিন্তু ধৰ্মীয় শিক্ষা প্ৰদান কৰা ৬১০ খন মাদ্ৰাছা বন্ধ কৰিব ৰাজ্য চৰকাৰে। বন্ধ হ’বলগীয়া মাদ্ৰাছা সমূহ ৰূপান্তৰিত কৰা হ’ব হাইস্কুল অথবা সাধাৰণ বিদ্যালয়লৈ। এই সন্দৰ্ভত নৱেম্বৰ মাহত নীতি-নিৰ্দেশনা জাৰি কৰিব শিক্ষা বিভাগে।

অহা বৰ্ষৰ পৰা মাদ্ৰাছা বৰ্ডৰ অধীনত নামভৰ্তি কৰিব নোৱাৰিব কোনো ছাত্ৰ-ছাত্ৰীয়ে।অৱশ্য যি সকলে এতিয়া বৰ্ডৰ অধীনত অধ্যায়ন কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত নাই কোনো বাধ্য-বাধকতা। স্ব ইচ্ছাই এই শিক্ষাৰ্থী সকলে যাব বিচাৰিলে নামভৰ্তি কৰিব পাৰিব অন্য বিদ্যালয়ত।

কেৱল মাদ্ৰাছাৰ ক্ষেত্রতে নহয়, ৰাজ্যত নৱেম্বৰৰ পৰা বন্ধ হ’ব সংস্কৃত টোলসমূহ। মাদ্ৰাছাৰ নিচিনাকৈ সংস্কৃত টোল সমূহৰ ক্ষেত্ৰত একে ব্যৱস্থা গ্ৰহণ কৰিব  শিক্ষা বিভাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, মাদ্ৰাছা আৰু সাংস্কৃত টোল সমূহক ‘বেক ড’ৰ’ হিচাপে লৈ মেট্ৰিক পাছৰ ব্যৱস্থাহে মাত্ৰ। ইছলামধৰ্মী মানুহে বিচাৰৰ বাবেহে মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি জনাই মন্ত্ৰী হিমন্তই।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 5:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading