কোৰোণাৰ প্ৰকোপৰ মাজতো ভোগালী বিহুৰ আনন্দ উলাহে পাৰ ভাঙি গ'ল সমগ্ৰ ৰাজ্য। তাৰ মাজতে উৰুকাৰ দিনা ব্যাপক হাৰত বিক্ৰী হ'ল বিলাতী সুৰা। সুৰাৰ বিক্ৰীয়ে ৰাজ্যত নতুন অভিলেখ ৰচিলে উৰুকাৰ দিনা।
কেৱল গুৱাহাটী মহানগৰীতে অভিলেখ গঢ়িলে সুৰাৰ বিক্ৰীয়ে। মহানগৰীত উৰুকাৰ দিনা ২ .৭৫ কোটি টকাৰ সুৰা কিনিলে সুৰাপায়ীয়ে।
উল্লেখ্য যে নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰৰ নিশাও সুৰাৰ বিক্ৰীয়ে অভিলেখ ৰচিছিল। সেইদিনা কেৱল মহানগৰীতে প্ৰায় ৬ কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|