লংকাত জৰাজীৰ্ণ পথত অতিষ্ঠ পথচাৰী। ভূঁই ৰুই প্ৰতিবাদ শতাধিক পুৰুষ-মহিলাৰ।
লংকাত জৰাজীৰ্ণ পথত অতিষ্ঠ পথচাৰী। ভূঁই ৰুই প্ৰতিবাদ শতাধিক পুৰুষ-মহিলাৰ।
হোজাই জিলাৰ লংকাৰ ১ নং পিপলপুখুৰী ৯ নং ৱাৰ্ডৰ জৰাজীৰ্ণ পথে জ্বলা কলা খোৱাইছে পথচাৰীক।লামডিং সমষ্টিৰ অন্তৰ্গত উক্ত পথছোৱা দীৰ্ঘদিনৰ পৰা মেৰামতি নোহোৱাত এজাক বৰষুণতে বোকাময় হৈ পৰা পথছোৱাত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে স্থানীয় বাসিন্দাই ।
বাৰিষাৰ দিনত যাতায়তৰ অনুপযোগী হৈ পৰা পথছোৱা মেৰামতিৰ ক্ষেত্ৰত স্থানীয় বিধায়কে গুৰুত্ব নিদিয়াত শনিবাৰে বিয়লি ৱাৰ্ডটোৰ শতাধিক পুৰুষ মহিলাই বোকাময় পথছোৱাত ভূঁই ৰুই প্ৰতিবাদ জনায় উক্ত পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|