৬ ছেপ্তেম্বৰত ছবিগৃহলৈ কাঞ্চনজংঘা!,জুবিন গাৰ্গে মুকলি কৰিলে ছবিখনৰ টিজাৰ

News18-Assam
Updated:July 7, 2019, 2:51 PM IST
৬ ছেপ্তেম্বৰত ছবিগৃহলৈ কাঞ্চনজংঘা!,জুবিন গাৰ্গে মুকলি কৰিলে ছবিখনৰ টিজাৰ
মুক্তিৰ পিছতেই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ছবিখনৰ টিজাৰে। বৃদ্ধি কৰিছে ছবিখনৰ প্ৰতি দৰ্শকৰ উৎসুকতা

মুক্তিৰ পিছতেই এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ছবিখনৰ টিজাৰে। বৃদ্ধি কৰিছে ছবিখনৰ প্ৰতি দৰ্শকৰ উৎসুকতা

  • Share this:
‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগবান নাই,মই মুক্ত, মই কাঞ্চনজংঘা!’ ছেপ্তেম্বৰত অসমৰ ছবি গৃহত ভাহি উঠিব জুবিন গাৰ্গৰ নৱতম ছবি কাঞ্চনজংঘাৰ এই কেইটা বহু চৰ্চিত সংলাপ! অহা ৬ ছেপ্তেম্বৰত ৰাজ্যজুৰি মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ বহু চৰ্চিত ছবিখনে। ইতিমধ্যে মুকলি কৰা ছবিখনৰ গীত কেইটাই লাভ কৰিছে ব্যাপক সঁহাৰি।



শনিবাৰে জুবিন গাৰ্গে আনুষ্ঠানিক ভাবে মুকলি কৰিলে ছবিখনৰ টিজাৰ। বহুচৰ্চিত ছবি কাঞ্চনজংঘাত এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা যাব জুবিন গাৰ্গক! ‘I Creation’ ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ এতিয়া আশাবাদী জুবিন গাৰ্গ।

First published: July 7, 2019, 2:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি