உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Picninc Guidelines : পিকনিকৰ বতৰত চৰকাৰৰ নিষেধাজ্ঞা, পিকনিকলৈ যাওতে নকৰিব এইবোৰ কাম...

    Picninc Guidelines : পিকনিকৰ বতৰত চৰকাৰৰ নিষেধাজ্ঞা, পিকনিকলৈ যাওতে নকৰিব এইবোৰ কাম...

    গুৱাহাটীত পিকনিকৰ বাবে নীতি-নিৰ্দেশনা জাৰি

    গুৱাহাটীত পিকনিকৰ বাবে নীতি-নিৰ্দেশনা জাৰি

    Picninc Guidelines : পিকনিক (Picnic)ৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিছে কিছুমান নীতি-নিৰ্দেশনা।

    • Share this:
    এতিয়া চৌদিশে পিকনিক বা বনভোজ (Picnic)ৰ বতৰ। পিকনিকৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিছে কিছুমান নীতি-নিৰ্দেশনা। বিশেষকৈ পিকনিকৰ বতৰত দুৰ্ঘটনা (Accident) ৰোধ কৰাৰ উদ্দেশ্যেই পৰিবহণ বিভাগে নিৰ্দেশনা (Guidelines For Picnic) জাৰি কৰিছে।

    কি কি আছে এই নিৰ্দেশনাত-

    সুৰাপান বা মদ্যপান কৰি গাড়ী চলোৱা নিষেধ

    তীব্ৰগতিত গাড়ী চলোৱা নিষেধ

    গাড়ী চলাই থকা সময়ত মোবাইলত কথা পাতি থকা নিষেধ

    উচ্চ স্বৰত গান-বাজনা বজোৱা নিষেধ যাতে শব্দ প্ৰদূষণ নহয়

    এই নিৰ্দেশনাৰ উপৰি দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ পৰিবহণ বিভাগে আন কিছুমান সাৱধানতামূলক ব্যৱস্থাও গ্ৰহণ কৰিছে। পিকনিকলৈ যাবলৈ কোনোবাই যদি গাড়ী ভাড়ালৈ লয় তেন্তে সেই চালক, গৰাকী নাইবা এজেন্সীৰ পৰা চালকে সুৰাপান কৰিব নোৱাৰিব বুলি লিখিতভাৱে দিব লাগিব।

    উল্লেখ্য যে এইবাৰ নতুন বছৰৰ আদৰণিত শূন্য দুৰ্ঘটনাৰ অভিলেখ ৰচিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। পৰিবহণ বিভাগে নানা সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰিছে । ১১ ডিচেম্বৰত গুৱাহাটীত চানমাৰিত এনে এক সজাগতামূলক কাৰ্যসূচী কৰা হৈছিল।

    উল্লেখ্য যে চলিত বছৰৰ প্ৰথম ৮টা মাহত গুৱাহাটীত ৪৯৮টা দুৰ্ঘটনা হৈছে আৰু ১৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: