உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Kamakhya Temple: কামাখ্যা দেৱালয়ৰ দলৈৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

    Kamakhya Temple: কামাখ্যা দেৱালয়ৰ দলৈৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

    Kamakhya Doloi Election:  প্ৰায় ৩৮৬গৰাকী পুৰোহিতে নিৰ্বাচন কৰে দুই দলৈক।

    Kamakhya Doloi Election: প্ৰায় ৩৮৬গৰাকী পুৰোহিতে নিৰ্বাচন কৰে দুই দলৈক।

    Kamakhya Doloi Election: প্ৰায় ৩৮৬গৰাকী পুৰোহিতে নিৰ্বাচন কৰে দুই দলৈক।

    • Share this:
    কামাখ্যা দেৱালয়ৰ দলৈৰ নিৰ্বাচন (elections)ৰ ফলাফল ঘোষণা। আজি সন্ধিয়া ঘোষণা কৰা ফলাফল অনুসৰি শক্তিপীঠ কামাখ্যাৰ বৰ দলৈৰূপে কবীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ ৰূপে নিৰ্বাচিত হ'ল হিমাদ্ৰী হিমু শৰ্মা।

    দেওবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈকে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। প্ৰায় ৩৮৬গৰাকী পুৰোহিতে নিৰ্বাচন কৰে দুই দলৈক। উল্লেখ্য যে দলৈৰ নিৰ্বাচনত ৫গৰাকী পুৰোহিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

    প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পুৰোহিতসকল ক্ৰমে মোহিত শৰ্মা, কবীন্দ্ৰ প্ৰসাদ শৰ্মা, ফণীন্দ্ৰনাথ শৰ্মা, মানস শৰ্মা আৰু হিমাদ্ৰী হিমু শৰ্মা।

    সন্ধিয়া ঘোষণা হোৱা ফলাফল অনুসৰি কবীন্দ্ৰ প্ৰসাদ শৰ্মাই ২২০টা, হিমাদ্ৰি হিমু শৰ্মাই ১৭২ টা, মোহিত চন্দ্ৰ শৰ্মাই ১৬৬ টা, মানস শৰ্মাই ১৬২টা আৰু ফণীান্দ্ৰনাথ শৰ্মাই ২৬টা ভোট লাভ কৰে। মন কৰিবলগীয়া কথা ফলাফল ঘোষণাৰ পিছতেই শক্তিপীঠ কামাখ্যা মন্দিৰত (Kamakhya Temple)  এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: