ভাৰত–শ্ৰীলংকাৰ খেলৰ সময়ত ষ্টেডিয়ামৰ ওপৰত ভাৰতবিৰোধী শ্লোগান লৈ উৰিল বিমান, ICCক অভিযোগ BCCIৰ

খেল চলি থকাৰ মাজতে ষ্টেডিয়ামৰ ওপৰত আকাশত দেখা গৈছিল এখন এখনকৈ তিনিখন বিমান। বিমানকেইখনে কঢ়িয়াই নিছিল ভাৰতবিৰোধী শ্লোগান।

News18-Assam
Updated:July 7, 2019, 1:15 PM IST
ভাৰত–শ্ৰীলংকাৰ খেলৰ সময়ত ষ্টেডিয়ামৰ ওপৰত ভাৰতবিৰোধী শ্লোগান লৈ উৰিল বিমান, ICCক অভিযোগ BCCIৰ
খেল চলি থকাৰ মাজতে ষ্টেডিয়ামৰ ওপৰত আকাশত দেখা গৈছিল এখন এখনকৈ তিনিখন বিমান। বিমানকেইখনে কঢ়িয়াই নিছিল ভাৰতবিৰোধী শ্লোগান।
News18-Assam
Updated: July 7, 2019, 1:15 PM IST
শনিবাৰে ইংলেণ্ডত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ এখন খেল। খেলখনত ৭ উইকেটত জয়লাভ কৰে টীম ইণ্ডিয়াই। খেল চলি থকাৰ মাজতে ষ্টেডিয়ামৰ ওপৰত আকাশত দেখা গৈছিল এখন এখনকৈ তিনিখন বিমান। বিমানকেইখনে কঢ়িয়াই নিছিল ভাৰতবিৰোধী শ্লোগান।

খেল আৰম্ভ হোৱাৰ কিছু সময় পিছতে ষ্টেডিয়ামৰ ওপৰেৰে উৰি যোৱা দেখা গৈছিল এখন বিমান। বিমানখনে কঢ়িয়াই নিছিল ‘Justice for Kashmir’ শ্লোগান সম্বলিত বেনাৰ। প্ৰায় আধাঘণ্টা পিছত ষ্টেডিয়ামৰ ওপৰত দেখা গৈছিল আন এখন বিমান। এই বিমানখনে কঢ়িয়াই নিছিল 'India Stop Genocide, Free Kashmir' শ্লোগান থকা এখন বেনাৰ। পৰৱৰ্তী সময়ত দেখা গৈছিল একেধৰণৰ আন এখন বিমান, যিখনে কঢ়িয়াই নিছিল 'Help End Mob Lynching' শ্লোগান সম্বলিত এখন বেনাৰ।



PTIত প্ৰকাশ পোৱা অনুসৰি, BCCIৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় – ‘এই ঘটনা সম্পূৰ্ণৰূপে অগ্ৰহণযোগ্য। আমি এই বিষয়টো উত্থাপন কৰি ICCলৈ এখন লিখিত অভিযোগ প্ৰেৰণ কৰিছো। যদি এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হয় তেন্তে সেয়া হ’ব অত্যন্ত দুৰ্ভাগ্যজনক। আমাৰ খেলুৱৈৰ নিৰাপত্তা অতি গুৰুত্বপূৰ্ণ বিষয়।’

ইয়াৰ পূৰ্বে একেখন ষ্টেডিয়ামতে ২৯ জুনত পাকিস্তান আৰু আফগানিস্তানৰ খেলৰ সময়ত অজ্ঞাত বিমানে 'Justice for Balochistan' শ্লোগানসম্বলিত বেনাৰ লৈ উৰি গৈছিল ষ্টেডিয়ামৰ ওপৰেৰে। যাক লৈ পাকিস্তান আৰু আফগানিস্তানৰ সমৰ্থকৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ।


আই চি চিয়ে এক বিবৃতিত কয় যে আমি এই ঘটনাক লৈ নিৰাশ হৈছো। আমি আই চি চি ক্ৰিকেট বিশ্বকাপত কোনো ধৰণৰ ৰাজনৈতিক বাৰ্তাৰ বিৰোধিতা নকৰো। প্ৰতিযোগিতাৰ সময়ত এনেধৰণৰ প্ৰতিবাদ ৰোধৰ বাবে দেশখনৰ স্থানীয় আৰক্ষীৰ সৈতে কাম কৰি আছো। পূৰ্বে সংঘটিত হোৱা ঘটনাৰ পিছত ৱেষ্ট য়ৰ্কশ্বায়াৰ আৰক্ষীয়ে আশ্বাস দিছিল যে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত নহয়। কিন্তু এই ঘটনাৰ পুনৰাবৃত্তি হোৱাত আমি অত্যন্ত অসন্তুষ্ট।

৯ আৰু ১১ জুলাইত মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামৰ ওপৰত ‘No-Fly Zone’ ঘোষণা কৰা হ’ব বুলিও ICCক আশ্বাস দিছে মানচেষ্টাৰ আৰু য়ৰ্কশ্বায়াৰ আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি