বিদেশত থকাৰ বাবে বিধানসভাত সময়মতে শপত গ্ৰহণ কৰিব পৰা নাছিল এইজন বিধায়কে। পিছে বিগত দুদিন ধৰি সমষ্টিৰ ৰাইজক দৰ্শন দি কৃপা কৰিছে তেওঁ। চিকিৎসালয়ৰ লগতে বিভিন্ন কাৰ্যালয় পৰিদৰ্শন কৰি আজি উপায়ুক্তক সাক্ষাৎ কৰিবলৈ উপায়ুক্তৰ কাৰ্যালয়লৈ যায়। কিন্তু সেইসময়ত উপায়ুক্ত আছিল কাৰ্যালয়ৰ বাহিৰত। ফলত উপায় নাপাই বিধায়কগৰাকীয়ে উপায়ুক্তক ফোন কৰে আৰু উপায়ুক্তই তেওঁক হোজাই নতুন বজাৰ এফ আৰ ইউলৈ মাতে।
এইজন বিধায়ক আন কোনো নহয় যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমল। তেওঁৰ অভিযোগ উপায়ুক্তই কাৰ্যালয়লৈ আহিছিল কিন্তু কাৰ্যালয়ৰ বাহিৰত বিধায়কজনৰ গাড়ীখন দেখিয়েই নেদেখাৰ ভাও জুৰি হোজাইলৈ ৰাওনা হয়। সেয়ে উপায়ুক্তৰ ওপৰত অগ্নিশৰ্মা হৈ পৰে ছিৰাজউদ্দিন আজমল।
বিধায়ক আজমলৰ অভিযোগ যে দেওবাৰে নিশাও উপায়ুক্ত ডা: সাদনেক সিঙক ফোন কৰিছিল যদিও উপাযুক্তজনে বিধায়কৰ ফোনকলত গুৰুত্ব নিদিলে আনকি বিধাযকৰ ফোনকল ৰিচিভেই কৰা নাই বুলিও সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে।
খঙত একো নাই হৈ ছিৰাজউদ্দিন আজমলে কয়, "মোক যদি ডিচিয়ে গুৰুত্ব নিদিয়ে, মোৰ লগত সহযোগ নকৰে তেন্তে মই ডিচিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অভিযোগ দিম।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|