‘হিমন্ত বিশ্ব শৰ্মাই নিঃশেষ কৰিব ৰাজ্যৰ গেৰুৱা বাহিনীক ৷ ২০১৬ চনৰ বিপৰীত হ’ব ২০২১ৰ নিৰ্বাচনী ফলাফল ৷’-দাবী কৰিলে আজমলে
‘হিমন্ত বিশ্ব শৰ্মাই নিঃশেষ কৰিব ৰাজ্যৰ গেৰুৱা বাহিনীক ৷ ২০১৬ চনৰ বিপৰীত হ’ব ২০২১ৰ নিৰ্বাচনী ফলাফল ৷’-দাবী কৰিলে আজমলে
হিমন্ত বিশ্ব শৰ্মাই নিঃশেষ কৰিব ৰাজ্যৰ গেৰুৱা বাহিনীক ৷ ২০১৬ চনৰ বিপৰীত হ’ব ২০২১ৰ নিৰ্বাচনী ফলাফল ৷ ২০১৬ চনত বিজেপিক জয়ৰ লক্ষ্য লৈছিল হিমন্ত বিশ্ব শৰ্মাই ৷ বিপৰীতে ২০২১ত মুখ্যমন্ত্ৰীৰ আসনলৈ চকু হিমন্ত বিশ্বৰ ৷ মুখ্যমন্ত্ৰী প্ৰক্ষেপ নকৰিলে বিজেপিৰ আসন হ্ৰাস কৰিব হিমন্তই ৷ কিয়নো ইতিমধ্যে ৰাজ্যত পুনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে সৰ্বানন্দ সোণোৱালকে প্ৰক্ষেপ কৰাৰ ইংগিত দিছে ৰামমাধৱে ৷ আৰু তাৰ পাছতে বিজেপিত আৰম্ভ হৈছে চিপৰাং মৰাৰ ৰাজনীতি ৷ বিজেপিক পৰাস্ত কৰিবলৈ এতিয়া উঠি পৰি লাগিছে হিমন্ত ৷’ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ।
ইফালে শেহতীয়াকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পদ মৰ্যদা পাহৰি যোৱা বুলিও দাবী কৰে আজমলে ৷ যাৰ বাবে মন্ত্ৰীগৰাকীয়ে যিকোনো কথাকে কৈ দিয়ে বুলি মন্তব্য কৰে আজমলে।
ইফালে বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বদৰুদ্দিন আজমলে কয় যে, ‘সম্ভৱত বিহাৰ নিৰ্বাচনৰ অনুৰূপ ফলাফল হ’ব অসমত ৷ কিয়নো অসমত এতিয়াও ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক দল একগোট হোৱা নাই ৷ যি সহায় কৰিব বিজেপিক ৷ কংগ্ৰেছৰ মহাজোঁট বন্ধনে সঁহাৰি দিয়া নাই AIUDFক ৷ AIUDFয়ে শেষ পৰ্যন্ত কংগ্ৰেছক প্ৰস্তাৱ আগবঢ়াব ৷ তথাপি কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ নকৰিলে AIUDFয়ে নিজৰ স্থিতি সলনি কৰিব ৷ AIUDF প্ৰধান গৰাকীয়ে লগতে কয় যে, ‘মই মুখ্যমন্ত্ৰী, অথবা উপমুখ্যমন্ত্ৰী নহও ৷ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী আমাৰ দলৰ কোনো সদস্যক নালাগে ৷ মাথো শাসনলৈ আহিব লাগে।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|