• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা চলা ফুৰা নিষিদ্ধ, ৪ মে’ৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূৱৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক

ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা চলা ফুৰা নিষিদ্ধ, ৪ মে’ৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূৱৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক

৪ তাৰিখৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূৱৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক

৪ তাৰিখৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূৱৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক

৪ তাৰিখৰ পৰা বিনা অনুমতিত ঘৰলৈ উভতিব পাৰিব উত্তৰ পূৱৰ কোনো ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক

  • Share this:
শনিবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কোৰোণাৰ ভয়াৱহতালৈ লক্ষ্য কৰি ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈকে চলা-ফুৰা নিষিদ্ধ কৰা হৈছে।

সেইদৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘৪ মে’ৰ পৰা অনুমতি অবিহনে উত্তৰ পূৱৰ ৰাজ্যৰ থকা অসমৰ লোক ৰাজ্যলৈ ঘূৰি আহিব পাৰিব। সেইদৰে বহিঃৰাজ্যৰ পৰা নিজৰ বাহন লৈ আহিব পাৰিব লোকসকল।

ইয়াৰ উপৰিও মন্ত্ৰী শৰ্মাই কয় যে,

  • ‘ৰাজ্যৰ বাহিৰত যিসকল লোক অসমলৈ ঘূৰি আহিব তেওঁলোকক কৰা হ’ব স্বাস্থ্য পৰীক্ষা।

  • বহিঃ ৰাজ্যৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ জিলালৈ গ’লে তেজপুৰত কৰা হ’ব স্বাস্থ্য পৰীক্ষা। আৰু স্বাস্থ্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰিহে যাবলৈ দিয়া হ’ব।

  • সেইদৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়ালৈ গ’লে, যোৰহাটত কৰোৱা হ’ব স্বাস্থ্য পৰীক্ষা।

  • ইয়াৰ উপৰিও বৰাক উপত্যকালৈ গ’লে শিলচৰত কৰা হ’ব স্বাস্থ্য পৰীক্ষা।


মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘যিসকল লোক বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব, তেওঁলোকক আকৌ ঘূৰি যোৱাৰ অনুমতি নিদিয়ে ৰাজ্য চৰকাৰে।
Published by:Himangshu Bhuyan
First published: