আজি পুনৰ শুনানি হ'ব অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ

নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই শুনানি।

News18-Assam
Updated:June 12, 2019, 10:14 AM IST
আজি পুনৰ শুনানি হ'ব অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ
নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব এই শুনানি।
News18-Assam
Updated: June 12, 2019, 10:14 AM IST
দেশ জোকাৰি যোৱা অভি-নীল হত্যাকাণ্ডৰ এটা বছৰ পাৰ হ’ল। কাৰ্বি আংলঙৰ এদল উন্মাদ লোকে অতি নৃশংসভাৱে হত্যা কৰিছিল দুই প্ৰতিভাৱান যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসক। আজি নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ শুনানি হ'ব  অভি–নীল হত্যাকাণ্ডৰ গোচৰৰ।  শুনানিৰ বাবে আদালতত হাজিৰ কৰোৱা হ'ব ৪৭ জন অভিযুক্তক। ইপিনে এই হত্যাকাণ্ডত ভাষ্য সলোৱা এজন সাক্ষীৰ পুনৰ সাক্ষ্য ল'বলৈও অনুমতি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতিৰ পাছত ভাষ্য সলোৱা এইজন সাক্ষীক আৰক্ষীয়ে পুনৰ জেৰা কৰিব পাৰিব। উচ্চ ন্যায়ালয়ৰ পূৰ্বে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতেও এইজন সাক্ষীক জেৰাৰ বাবে দিছিল অনুমতি। এতিয়া সকলোৱে অভি–নীলৰ হত্যাকাৰীৰ কঠোৰ শাস্তি দাবী কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি