• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • মাছখোৱা ITAত ৭০ৰো অধিক মহিলা উদ্যোগীক 'গুৱাহাটী গৌৰৱ বঁটা' প্ৰদান, Wommaniaasৰ প্ৰথম বৰ্ষপূৰ্তিত এই সন্মান

মাছখোৱা ITAত ৭০ৰো অধিক মহিলা উদ্যোগীক 'গুৱাহাটী গৌৰৱ বঁটা' প্ৰদান, Wommaniaasৰ প্ৰথম বৰ্ষপূৰ্তিত এই সন্মান

Wommaniaasৰ প্ৰথম বৰ্ষপূৰ্তি

Wommaniaasৰ প্ৰথম বৰ্ষপূৰ্তি

Wommaniaas : মহিলাসকলে সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁলোকক সেই সন্মান প্ৰদান কৰা হয়।

  • Share this:
দেওবাৰে গুৱাহাটী মহানগৰীৰ মাছখোৱা ITA প্ৰকল্পত অনুষ্ঠিত হ'ল Wommaniaas Award-2021। নাৰী গোট Wommaniaasৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭০ৰো অধিক মহিলা উদ্যোগীক 'গুৱাহাটী গৌৰৱ বঁটা'ৰে সন্মানিত কৰা হয়।

উল্লেখ্য যে এই মহিলাসকলে সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেওঁলোকক সেই সন্মান প্ৰদান কৰা হয়। আজিৰ বঁটা প্ৰদান অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে জনপ্ৰিয় শিল্পী শান্তা উজীৰ, কামৰূপ মহানগৰ ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ সঞ্চালক মৌচুমী মহন্ত, সমাজ সেৱিকা অৰ্চনা বৰঠাকুৰৰ লগতে বহুকেইগৰাকীও গণ্য- মান্য লোক উপস্থিত থাকে।

মন কৰিবলগীয়া যে আজিৰ অনুষ্ঠানটোতেই Wommaniaas গ্ৰুপৰ ২৭০ গৰাকীতকৈ অধিক সদস্যক একোখন মানপত্ৰ আৰু একো একোটা উপহাৰেৰে সন্মানিত কৰা হয়। জানিব পৰা মতে কেইবা সহস্ৰাধিক মহিলা সদস্যৰে গঠিত গ্ৰুপ Wommaniaasএ সমাজৰ ৭০টা শিতানৰ বাবে অনলাইন ভোটিঙৰ ব্যৱস্থা কৰিছিল। সেই ভোটিঙৰ ওপৰত ভিত্তি কৰিয়েই সম্পূৰ্ণ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ মাজেৰে আজিৰ অনুষ্ঠানত মহিলাসকলক বঁটা প্ৰদান কৰা বুলি Wommaniaas গ্ৰুপৰ প্ৰতিষ্ঠাপক দিব্যা চিওটিয়া, নীতা শৰ্মা আৰু নুপূৰ আগৰৱালে জানিবলৈ দিয়ে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published: