মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»পুনৰ নিয়ন্ত্ৰণহীন গুৱাহাটী মহানগৰীৰ বজাৰ, নিৰ্বিকাৰ যোগান বিভাগ

পুনৰ নিয়ন্ত্ৰণহীন গুৱাহাটী মহানগৰীৰ বজাৰ, নিৰ্বিকাৰ যোগান বিভাগ

News18 Assam | News18-Assam
Updated:July 6, 2020, 5:40 PM IST
পুনৰ নিয়ন্ত্ৰণহীন গুৱাহাটী মহানগৰীৰ বজাৰ, নিৰ্বিকাৰ যোগান বিভাগ
ল’ক ডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্যবৃদ্ধি

ল’ক ডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্যবৃদ্ধি

  • Share this:
গুৱাহাটীত ফ্লপ হ'ল যোগান বিভাগৰ নিৰ্দেশনা ৷ পুনৰ মহানগৰীত অধিক দামত বিক্ৰী হ'ল পাচলি ৷ ইয়াৰ লগে লগে পুনৰ এবাৰ ব্যৰ্থ প্ৰমাণিত হ'ল মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যোগান বিভাগ ৷ যোগান বিভাগে নিৰ্ধাৰণ কৰা দামতকৈ দুুগুণ দামত জনসাধাৰণে ক্ৰয় কৰিছে পাচলি ৷ News18ৰ অভিযানত পোহৰলৈ আহিল নিয়ন্ত্ৰণহীন বজাৰৰ তথ্য ৷

সোমবাৰে ঘৰে ঘৰে পাচলি, ফলমূল বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ পিছতে ব্যৱসায়ীসকলে আৰম্ভ কৰে হোম ডেলিভাৰী প্ৰক্ৰিয়া ৷ কিন্তু মুহুৰ্ততে নিয়ন্ত্ৰণহীন হৈ পৰিল বজাৰ ৷

মহানগৰীত নিৰ্ধাৰিত শাক–পাচলিৰ খুচুৰা দাম হ'লঃ

 পাচলি দাম
জিকা ৩৫ টকা (প্ৰতি কেজি)
কোমোৰা ৩০ টকা (প্ৰতি কেজি)
পটল ৩০ টকা (প্ৰতি কেজি)
লেচেৰা ৪০ টকা (প্ৰতি কেজি)
তিতা কেৰেলা ৪০ টকা (প্ৰতি কেজি)
ৰঙালাও ২০ টকা (প্ৰতি কেজি)
ভেন্দি ৩০ টকা (প্ৰতি কেজি)
বন্ধাকবি ৩০ টকা (প্ৰতি কেজি)
জলকীয়া ৬০ টকা (প্ৰতি কেজি)

গাজৰ ৯০ টকা(প্ৰতি কেজি)
বিন ৯০ টকা (প্ৰতি কেজি)
ভোল ৩০ টকা (প্ৰতি কেজি)
তিয়ঁহ ৩০ টকা (প্ৰতি কেজি)
পানীলাও ৩৫ টকা (প্ৰতি কেজি)
কেচা মটৰ ৮৫ টকা (প্ৰতি কেজি)
কাজি নেমু ৩ টকা (এটাত)
বেঙেনা ৪০ টকা (প্ৰতি কেজি)
ভাত কেৰেলা ৪৬ টকা (প্ৰতি কেজি)
ধনিয়া ৫ টকা(এমুঠি)

কেপচিকাম ৮০ টকা (প্ৰতি কেজি)
নতুন আলু
৩০ টকা (প্ৰতি কেজি)

 
বিলাহী ৫০ টকা (প্ৰতি কেজি)
ওলকবি ৪০ টকা (প্ৰতি কেজি)
কচু ৪০ টকা (প্ৰতি কেজি)
স্কোৱাছ ৫০ টকা (প্ৰতি কেজি)
মূলা ৩০ টকা (প্ৰতি কেজি)
কুন্দুলি ৩২ টকা (প্ৰতি কেজি)

ধুন্দুলি ৩০ টকা (প্ৰতি কেজি)

 

 

ল’ক ডাউনৰ পূৰ্বেও গুৱাহাটীত হৈছিল অস্বাভাৱিক মূল্যবৃদ্ধি ৷ যোগান বিভাগে তাৰ পিছতে নিৰ্ধাৰণ কৰিছিল সামগ্ৰীৰ মূল্য ৷ কিন্তু সোমবাৰেও গুৱাহাটী মহানগৰীত ফ্লপ শ্ব'ত পৰিণত হ'ল যোগান বিভাগৰ নিৰ্দেশনা ৷
Published by: Himangshu Bhuyan
First published: July 6, 2020, 5:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি