ভোগালীৰ আনন্দ উল্লাস এইবাৰ সঁচাকৈ আনন্দময় হৈ ৰ'ল আৰু এটা কাৰণত। উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ'ল গুৱাহাটী মহানগৰী। পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ প্ৰচেষ্টাৰ বাবেই উৰুকাৰ নিশা এটাও দুৰ্ঘটনা নহ'ল গুৱাহাটী মহানগৰীত।
দুৰ্ঘটনা ৰোধৰ বাবে উৰুকাৰ নিশাও ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান। মহানগৰীত সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ'ল ৪৮টা গোচৰ। আনহাতে মহানগৰীত ট্ৰেফিক আইন উলংঘনৰ সৰ্বমুঠ গোচৰ ৰুজু হ'ল ৫৯৬টা।
আনহাতে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ ১১ লাখ ৫০ হাজাৰ টকাৰ ৰাজহ। পৰিবহন বিভাগে অভিযানকালত বাতিল কৰিলে কেইবাজনো সুৰাপায়ী চালকৰ লাইচেঞ্চ।
উল্লেখ্য যে ৩১ ডিচেম্বৰৰ নিশা দুৰ্ঘটনাশূন্য কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল। একেদৰে উৰুকাৰ নিশাও যাতে দুৰ্ঘটনা নহয় তাৰ বাবেও মহানগৰ আৰক্ষী আৰু পৰিবহণ বিভাগে অভিযান চলোৱাৰ সিদ্ধান্ত লৈছিল। উল্লেখ্য যে উৰুকাৰ নিশা অভিযানত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পোটোৱাৰীয়েও ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানৰ নিজে তদাৰক কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|