একেখিনি তেল বাৰম্বাৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব! ব্যৱহৃত খোৱা তেলৰ পৰা প্ৰস্তুত কৰা হ’ব ডিজেল

News18 Assam | News18-Assam
Updated:October 9, 2020, 1:10 PM IST
একেখিনি তেল বাৰম্বাৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব! ব্যৱহৃত খোৱা তেলৰ পৰা প্ৰস্তুত কৰা হ’ব ডিজেল
FSSAIয়ে সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘Repurpose Used Cooking Oil’ চমুকৈ RUCO নামেৰে আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে ব্যৱহৃত খোৱা তেলৰ পৰা বায়'ডিজেল উৎপাদন কৰা হ’ব।

FSSAIয়ে সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘Repurpose Used Cooking Oil’ চমুকৈ RUCO নামেৰে আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে ব্যৱহৃত খোৱা তেলৰ পৰা বায়'ডিজেল উৎপাদন কৰা হ’ব।

  • Share this:
হোটেল , ৰেষ্টুৰেণ্ট , ষ্ট্ৰিট ফুড ভেণ্ডৰসমূহকে ধৰি বহু খাদ্য প্ৰস্তুতকৰণৰ সৈতে জড়িত ব্যৱসায় প্ৰতিষ্ঠানত একেখিনি তেলতে বাৰম্বাৰ গৰম কৰি খাদ্য প্ৰস্তুত কৰা হয়। বহু পৰিয়ালৰ পাকঘৰতো এই দৃশ্য দেখিবলৈ পোৱা যায়। পাচলি, লুচি ,মাছ আদি  ভজাৰ পিছত কেৰাহীত থাকি যোৱা তেলখিনি পুনৰ ব্যৱহাৰ কৰা হয়। কিন্তু এনে কৰাটো স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক।

খোৱাৰ অনুপযোগী হৈ পৰে এনে তেল :

একেখিনি তেল বাৰম্বাৰ গৰম কৰি থাকিলে তাত ৰসায়নিক পৰিৱৰ্তন ঘটে আৰু শৰীৰৰ বাবে অপকাৰী মুক্ত মূলকৰ সৃষ্টি হয়। খোৱা তেলৰ মানদণ্ড জোখা হয় তাত থকা টোটেল প'লাৰ কম্পাউণ্ড চমূকৈ TPCৰ জৰিয়তে। খাদ্য সুৰক্ষা বিভাগৰ TPCৰ ক্ষেত্ৰত অনুমোদিত মাত্ৰা হ’ল ২৫ শতাংশ । ২৫ শতাংশৰ ওপৰত TPC থকা খোৱা তেলসমূহ স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক। FSSAI ৰ তথ্য অনুসৰি, একাধিকবাৰ গৰম কৰি খাদ্য প্ৰস্তুত কৰি থাকিলে তেলত TPCৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পায়। এনে তেল সেৱন কৰিলে উচ্চ ৰক্তচাপ, যকৃতৰ ৰোগ, আলজেইমাৰ, atherosclerosisৰ দৰে গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

পেলনীয়া খোৱা তেলৰ পৰা উৎপাদন কৰা হব ডিজেল :

সেয়েহে FSSAIয়ে সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ‘Repurpose Used Cooking Oil’ চমুকৈ RUCO নামেৰে আৰম্ভ কৰা এই প্ৰকল্পৰ জৰিয়তে ব্যৱহৃত খোৱা তেলৰ পৰা বায়'ডিজেল উৎপাদন কৰা হ’ব। শুনিবলৈ আচৰিত যেন লাগিলেও ভাৰতৰ কেইবাখনো ঠাইৰ লগতে অসমৰ যোৰহাটটো এই পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ হৈছে। ডেৰাডুনস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব পেট্ৰ’লিয়ামৰ বিজ্ঞানীসকলে ব্যৱহৃত খোৱা তেলৰ পৰা বায়' এভিয়েশ্যন টাৰবাইন ফুৱেল চমুকৈ Bio ATF উৎপাদন কৰাৰ পাইলট টেষ্টত সফলতা লাভ কৰিছে। এই ইন্ধন ব্যৱহাৰ কৰা হয় উৰাজাহাজৰ ইন্ধন হিচাপে। এই সফলতাৰ পিছত ভাৰত চৰকাৰৰ ‘Food Safety and Standard Authority of India’ চমুকৈ FSSAIয়ে RUCO নামেৰে ব্যৱহৃত খোৱা তেলৰ পৰা বায়' ডিজেল উৎপাদনৰ এক অভিলাসী প্ৰকল্প হাতত লৈছে। ইয়াৰ বাবে ভাৰতৰ ১০১টা স্থানত ব্যৱহৃত তেলসমূহ সংগ্ৰহ কৰিবলৈ 64টা কোম্পানীক চিনাক্ত কৰা হৈছে ।

পৰীক্ষা কৰা হ’ব খাদ্য প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা তেলৰ মানদণ্ডঃ

FSSAIয়ে ১০০ লিটাৰতকৈ অধিক খোৱা তেল ব্যৱহাৰ কৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহে ৰেজিষ্টাৰ ব্যৱহাৰ কৰাটো বিচাৰিছে আৰু তেওঁলোকৰ ব্যৱহৃত তেলসমূহ যাতে পঞ্জীয়ণভুক্ত এজেন্সীসমূহকহে সংগ্ৰহ কৰিবলৈ দিয়ে সেয়া নিশ্চিত কৰাটো বিচাৰিছে। মুম্বাই আৰু পুণেত ইতিমধ্যে মেকডনাল্ডৰ ১০০ খন বিপনীত ব্যৱহৃত খোৱা তেলৰ পৰা বায়' ডিজেল উৎপাদনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসমৰ যোৰহাটতো ইয়াৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ হৈছে। যোৰহাটৰ খাদ্য সুৰক্ষা বিভাগৰ কাৰ্যালয়লৈ নতুনকৈ আহিছে  ‘Frying Oil Monitor’ নামৰ এবিধ বিশেষ যন্ত্ৰ। এই যন্ত্ৰবিধৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানসমূহত ব্যৱহাৰ কৰা তেলৰ মানদণ্ড পৰীক্ষা কৰা হ’ব ।

ভৱিষ্যতৰ বাবে এক অভিলাষী আচনি : 

FSSAI ৰ মতে, ভাৰতত ২০২২ চনৰ ভিতৰত ২২০ কোটি লিটাৰ ব্যৱহৃত তেল সংগ্ৰহ কৰি বায়' ডিজেল উৎপাদন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে আন সামগ্ৰীসমূহ পেলাই দিয়াৰ দৰে ব্যৱহৃত তেলসমূহ পেলাই দিয়াটোও এটা অন্যতম সমস্যাৰূপে পৰিগণিত হৈছে। কাৰণ এনে পেলাই দিয়া তেলে নলা-নৰ্দমা প্ৰণালীৰ বিস্তৰ ক্ষতি কৰে। বৰ্তমান বায়'ডিজেল উৎপাদনৰ হাৰ অতি কমহৈ আছে যদিও ভৱিষ্যতে এই পদ্ধতিয়ে বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে অধিক হাৰত বায়'ডিজেল উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: October 9, 2020, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি