• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • Freedom Fighter: ব্ৰিটিছ শাসনৰ এজন গাওঁবুঢ়াৰ কন্যাৰ স্বাধীনতা সংগ্ৰামৰ জিয়া কাহিনী।

Freedom Fighter: ব্ৰিটিছ শাসনৰ এজন গাওঁবুঢ়াৰ কন্যাৰ স্বাধীনতা সংগ্ৰামৰ জিয়া কাহিনী।

Freedom Fighter Golapi Chetia: বাৰ্ধক্যজনিত কাৰণত আইতাৰ স্মৃতি শক্তি আৰু শ্ৰৱণ শক্তি কিছু লোপ পাইছে যদিও এতিয়াও মনত ৰাখিছে স্বাধীনতা সংগ্ৰামৰ কথা।

  • Share this:
চৰাইদেউ জিলাৰ ১০২ বছৰীয়া এগৰাকী আইতা। স্বাধীনতা সংগ্ৰামী (Freedom Fighter) আইতাৰ নাম গোলাপী চেতিয়া। শিৱসাগৰ জিলাৰ পাটসাকোৰ জিয়ৰী বৰ্তমান চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত জজলী কছাৰীবাম গাঁৱৰ নিবাসী গোলাপী চেতিয়া আইতা এতিয়াও হৈ আছে চিৰ তৰুণ।

ব্ৰিটিছ শাসনৰ এজন গাঁওবুঢ়াৰ কন্যা হোৱা পাছতো দেশৰ স্বাধীনতা আন্দোলন (India's Freedom Movement)ত (ভাৰত ত্যাগ আন্দোলন-১৯৪২, বিদেশী বস্ত্ৰ বৰ্জন আন্দোলনত) অংশ গ্ৰহণ কৰি যথেষ্ট কষ্ট ত্যাগ কৰা আইতাই আজি স্বাধীন ৰাষ্ট্ৰৰ বাসিন্দা হিচাপে যথেষ্ট সুখী ।

বাৰ্ধক্যজনিত কাৰণত আইতাৰ স্মৃতি শক্তি আৰু শ্ৰৱণ শক্তি কিছু লোপ পাইছে যদিও এতিয়াও মনত ৰাখিছে স্বাধীনতা সংগ্ৰামৰ কথা। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষত (75th Independence Day) উদযাপন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই পবিত্ৰ ক্ষণত স্বাধীনতা সংগ্ৰামী আইতা গোলাপী চেতিয়া অবদান সদা স্মৰণীয় আৰু আদৰ্শ হৈ ৰ'ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি