অসম বিধানসভাত কাইলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। কাইলৈ বিয়লি ৩ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। এই বাজেটত ৰাজ্যৰ প্ৰায় ১২ লাখ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ সম্ভাৱনা আছে। জানিব পৰা মতে, বাজেটত ঋণগ্ৰস্ত একাংশ সাধাৰণ মহিলাৰ বাবে ২৫,০০০ টকাকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰা হ'ব পাৰে।
আনহাতে বাজেটক লৈ আশাবাদী ৰাজ্যৰ শাসক–বিৰোধীৰ লগতে অসমৰ ৰাইজ। মন্ত্ৰী পীয়ূষ হাজৰিকাই এয়া এক ব্যতিক্ৰমী বাজেট হোৱাৰ আশা কৰাৰ দৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আশা কৰিছে এই বাজেট জনমুখী হ'ব।
অৱশ্যে এই সন্দৰ্ভত কাইলৈ বাজেট দাখিলৰ পিছতহে জানিব পৰা যাব। উল্লেখ্য, অসম বিধান সভাত এইবাৰ প্ৰথমবাৰৰ বাবে কোনো মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|