বানতকৈও ভয়ংকৰ খহনীয়া! ৰক্ষাকৱচ মথাউৰিৰ অৱশিষ্ট অংশ নৈত জাহ যাও যাও, আতংকিত দেৱস্থানবাসী

News18 Assam | News18-Assam
Updated:August 1, 2020, 12:35 PM IST
বানতকৈও ভয়ংকৰ খহনীয়া! ৰক্ষাকৱচ মথাউৰিৰ অৱশিষ্ট অংশ নৈত জাহ যাও যাও, আতংকিত দেৱস্থানবাসী
অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ মথাউৰিটো পুনৰ নিৰ্মান কৰিবলৈ আহবান জনাইছে দেৱস্থান বাসীয়ে ৷

অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ মথাউৰিটো পুনৰ নিৰ্মান কৰিবলৈ আহবান জনাইছে দেৱস্থান বাসীয়ে ৷

  • Share this:
হোজাইৰ দেৱস্থানত যমুনা নৈত ব্যাপক গৰাখহনীয়া ৷ যিকোনো সময়তে নৈৰ পাৰত থকা মথাউৰিটো নৈত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ আতংকিত জিলা বাসী ৷ গভীৰ নিদ্ৰাত প্ৰশাসন। 

হোজাই জিলাৰ দেৱস্থানত ভয়ংকৰ ৰূপ ধাৰন কৰিছে যমুনা নৈয়ে ৷ প্ৰতিদিনে নৈ খনৰ খহনীয়াৰ কৱলত পৰিছে ন ন অঞ্চল ৷ বৰবালী গাওঁপঞ্চায়তৰ ৭ নং ৱাৰ্ডত যমুননা নৈত ইতিমধ্য জাহ গৈছে এক বৃহত এলেকা ৷ জিলা খনৰ মোৰাঝাৰ, ডবকা, কপাহবাৰী হোজাই আদি অঞ্চল বানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ চৰকাৰৰ জলসিঞ্চন বিভাগে ২০ বছৰমান পূৰ্বে  এটি মথাউৰি  নিৰ্মান কৰিছিল ৷ 

বৰ্তমান সময়ত যমুনা নৈয়ে এই মথাউৰিটোৰ তিনি চতুৰ্থাংশ খহাই পেলাইছে ৷ অৱশিষ্ট হিচাপে কিছু অংশহে বাকী আছে ৷ যি কোনো মূহুৰ্তত এই অংশ নদীত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ মাথাউৰিটো যদি চিঙি যায় তেনেহলে এক ভংয়কৰ বিপদৰ সন্মুখীন হব লাগিব হোজাই জিলাবাসী ৷ কিয়নো এই মথাউৰিটো ভাঙি গ’লে জিলাখনৰ ২৫-৩০ হাজাৰ হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিব ৷ ইয়াকে লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসীৰ লগতে কৃষক সকলে ৷ 

স্থানীয় ৰাইজে বিগত কেইবছৰমান ধৰি বিষয়টো হোজাই জিলাৰ জলসিঞ্চন বিভাগ আৰু জিলা প্ৰশাসনক অৱগত কৰায় আহিছে যদিও কোনোৱে বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ জলসিঞ্চন বিভাগে পুঁজিৰ  অভাৱত কাম কৰিব পৰা নাই বুলি ৰাইজৰ আগত টুলুঙা মন্তব্য কৰা বুলি ৰাইজে অভিযোগ কৰিছে ৷

বৃহত্তৰ হোজাই জিলা কৃষিজীৱী ৰাইজৰ বৃহত স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আমছুৱে বৃহস্পতিবাৰে হোজাই জিলাৰ উপায়ুক্ত আৰু যমুনা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাক পৃথকে পৃথকে মথাউৰিটো মেৰামতিৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে ৷ অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ মথাউৰিটো পুনৰ নিৰ্মান কৰিবলৈ আহবান জনাইছে দেৱস্থান বাসীয়ে ৷
First published: August 1, 2020, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading