মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»Draught in Assam : খৰাঙৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। নগাঁৱত ছিঁৰাল ফাট দিছে শ শ বিঘা শালি ধানৰ খেতি পথাৰত।

Draught in Assam : খৰাঙৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। নগাঁৱত ছিঁৰাল ফাট দিছে শ শ বিঘা শালি ধানৰ খেতি পথাৰত।

News18 Assam | News18-Assam
Updated:July 21, 2021, 7:20 PM IST
Draught in Assam : খৰাঙৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। নগাঁৱত ছিঁৰাল ফাট দিছে শ শ বিঘা শালি ধানৰ খেতি পথাৰত।
খৰাং বতৰত নগাঁৱৰ পথাৰত ছিঁৰাল ফাট।

জলসিঞ্চন উত্তোলন কেন্দ্ৰ থকাৰ পাছতো আজিকোপতি জলসিঞ্চনৰ কোনো সুবিধা লাভ কৰা নাই নগাঁও পশ্চিম অঞ্চলৰ কৃষকে।

  • Share this:
বৰ্তমান শালিধানৰ খেতি কৰাৰ ভৰপক সময়। শালিধানৰ খেতি কৰা উপযুক্ত সময়তেই এতিয়া শাওণৰ পথাৰত পানীৰ অভাৱে বাৰুকৈয়ে দুচিন্তাত পেলাইছে কৃষক ৰাইজক৷

নগাঁও জিলাৰ পশ্চিমাঞ্চলত হাতীচোঙকে ধৰি কেইবাটাও অঞ্চলত এইবাৰ খৰাঙৰ কৱলত পৰিছে  শ শ বিঘা শালি ধানৰ খেতি ৷ আন বছৰৰ তুলনাত এইবাৰ আহাৰ  মাহত বৰষুণৰ পৰিমাণ অতি কম হোৱাৰ কাৰণে পানীৰ অভাৱত বৰ্তমানলৈ সৰহ সংখ্যক খেতিয়কেই পথাৰত কঠিয়া ৰোপণ কৰিব পৰা নাই ৷ যি দুই এজন কৃষকে দ মাটিত কঠিয়া  ৰোপণ কৰিছিল তাতো ছিঁৰাল ফাট দিয়াত কৃষকসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

খেতি পথাৰত পানী দিয়াৰ উদ্দেশ্যে জলসিঞ্চন উত্তোলন কেন্দ্ৰ থকাৰ পাছতো আজিকোপতি জলসিঞ্চনৰ কোনো সুবিধা লাভ কৰা নাই নগাঁও পশ্চিম অঞ্চলৰ কৃষক ৰাইজে। ফলস্বৰূপে বটদ্ৰৱা সমষ্টিৰ কাছমাৰী, হাঁহচৰা, টুকুৰাবাহী, ধিঙৰবৰি, পুখুৰীপাৰ আদি গাঁৱৰ শালিধানৰ পথাৰ সমূহত সহস্ৰাধিক বিঘা কৃষিভূমি খৰাঙৰ কৱলত পৰি  এইবাৰ পথাৰ উকা হৈ থকাৰ উপক্ৰম হৈছে ৷ ফলস্বৰূপে কঠিয়াতলীতে গাঁঠি ধৰিছে ৰুবলৈ থোৱা কঠিয়াই ৷
Published by: Manjumoni Borah
First published: July 21, 2021, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি