IPL 2022|Ravindra Jadeja: উপৰি জাদেজাৰ নিজৰ ফৰ্ম চিএছকেৰ বাবে এক উদ্বেগজনক কাৰণ হৈ পৰিছে য'ত অলৰাউণ্ডাৰজনে এতিয়ালৈকে খেলা ১০ খন খেলত মাত্ৰ ১১৬ ৰাণ আৰু মাত্ৰ পাঁচটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে।
IPL 2022|Ravindra Jadeja: উপৰি জাদেজাৰ নিজৰ ফৰ্ম চিএছকেৰ বাবে এক উদ্বেগজনক কাৰণ হৈ পৰিছে য'ত অলৰাউণ্ডাৰজনে এতিয়ালৈকে খেলা ১০ খন খেলত মাত্ৰ ১১৬ ৰাণ আৰু মাত্ৰ পাঁচটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে।
চেন্নাই চুপাৰ কিংছ (Chennai Super Kings)ৰ প্ৰাক্তন অধিনায়ক ৰবীন্দ্ৰ জাদেজা (Ravindra Jadeja)ক IPL 2022 প্ৰতিযোগিতাখনৰ বাকী খেলসমূহৰ পৰা বাদ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে আঘাতৰ বাবে দিল্লী কেপিটেলছ (Delhi Capitals)ৰ বিৰুদ্ধে খেলখনত বাদ পৰিছিল জাদেজা। CSKৰ হাতত আৰু তিনিখন মেচ বাকী আছে আৰু প্লে অফৰ স্থানত শ্বট এটা ৰখাৰ বাবে তেওঁলোকে তিনিওখন জিকিব লাগিব আৰু RCB আৰু RRএ তেওঁলোকৰ বাকী থকা খেলবোৰত পৰাস্ত হ'ব লাগিব।
CSKই বৃহস্পতিবাৰে ইতিমধ্যে বাহিৰ হোৱা মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু তাৰ পিছত গুজৰাট টাইটানছ (Gujarat Titans) আৰু ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ বিৰুদ্ধে খেল অনুষ্ঠিত হ'ব।
Times of Indiaৰ এক বাতৰি মতে "CSK শিবিৰে যোৱা কেইদিনমান ধৰি জাদেজাৰ আঘাতৰ মূল্যাঙ্কন কৰি আছিল কিন্তু আঘাত সঠিককৈ ভাল হোৱা নাই"। বাতৰিটোত আৰু কৈছে যে প্ৰতিযোগিতাখনত CSKই প্লেঅফলৈ যোগ্যতা অৰ্জন কৰাৰ যিহেতু অতি ক্ষীণ এটা আশা আছে সেয়ে নে এক অনিশ্চিত মুহূৰ্তত জাদেজাক দলত লৈ ৰিস্ক ল'ব ৱিচৰা নাই দলটোৱে।
আঘাতৰ উপৰি জাদেজাৰ নিজৰ ফৰ্ম চিএছকেৰ বাবে এক উদ্বেগজনক কাৰণ হৈ পৰিছে য'ত অলৰাউণ্ডাৰজনে এতিয়ালৈকে খেলা ১০ খন খেলত মাত্ৰ ১১৬ ৰাণ আৰু মাত্ৰ পাঁচটা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|