৫ দিনৰ বাবে বন্ধ গুৱাহাটী বিশ্ববিদ্যালয়
Covid19 in Gauhati University : অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ।
গুৱাহাটী বিশ্ববিদ্যালয়ত ক'ভিডৰ গণসংক্ৰমণৰ পিছতেই কৰ্তৃপক্ষই গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। ৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণীৰ লগতে হোষ্টেলসমূহ। অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ।
শ্ৰেণী আৰু হোষ্টেল বন্ধৰ লগতে বিশ্ববিদ্যালয় সপ্তাহৰ বাবে মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
এইটোও পঢ়ক : Covid-19: গুৱাহাটী বিশ্ববিদ্যালয়ত Covid সংক্ৰমণ ! এদিনতে ২০ জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিল Covid-19...
উল্লেখ্য যে শেহতীয়াকৈ বিশ্ববিদ্যালয় চৌহদত ১৫ জনতকৈ অধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড১৯ৰ ভাইৰাছ। ক'ভিড আক্ৰান্তসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ বিভিন্ন হোষ্টেলৰ আৱাসী বুলি জানিব পৰা গৈছে।
স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিগত এসপ্তাহৰ পৰা বিশ্ববিদ্যালয়খনত কৰা হৈছিল ক'ভিড পৰীক্ষা। সেই ক'ভিডৰ RTPCR টেষ্টতেই ধৰা পৰে ১৫ গৰাকী শিক্ষাৰ্থীৰ দেহত ক'ভিড পজিটিভ।
এইটোও পঢ়ক : Omicron Variant : বিশ্বত অমিক্ৰনত আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ মৃত্যু ব্ৰিটেইনত
ক'ভিড সংক্ৰমণ হোৱা ছাত্ৰ-ছাত্ৰীকেইগৰাকীক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|