ভাৰতত কোৰোণাত আক্ৰান্তৰ সংখ্যা ২ কোটি অতিক্ৰম, সৰ্বাধিক মৃত্যুৰ তালিকাত তৃতীয় স্থানত ভাৰত

News18 Assam | News18-Assam
Updated:May 4, 2021, 9:34 AM IST
ভাৰতত কোৰোণাত আক্ৰান্তৰ সংখ্যা ২ কোটি অতিক্ৰম, সৰ্বাধিক মৃত্যুৰ তালিকাত তৃতীয় স্থানত ভাৰত
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, কোৰোণা সংক্ৰমিতৰ মুঠ সংখ্যা ২ কোটি ২ লাখ ৭৫ হাজাৰ ৫৪৩জন হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, কোৰোণা সংক্ৰমিতৰ মুঠ সংখ্যা ২ কোটি ২ লাখ ৭৫ হাজাৰ ৫৪৩জন হৈছেগৈ।

  • Share this:
Coronavirus outbreak in India Latest News Updates: দেশত সোমবাৰে কোৰোণা ৰোগীৰ সংখ্যা ২ কোটি অতিক্ৰম কৰিলে। ৰোগীৰ সংখ্যা ২ কোটি অতিক্ৰম কৰা ভাৰত দ্বিতীয়খন দেশ। সংক্ৰমণৰ গতি ইমানেই বেছি যে প্ৰায় ১৩৭ দিনত ১ কোটিৰ পৰা ২ কোটি হৈছেগৈ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাৰ ৩ লাখ ৬৯ হাজাৰ ২৩০টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। বিগত ২৪ ঘণ্টাত ৩,৪২১জন লোকৰ মৃত্যু হৈছে কোৰোণাত। আনহাতে, সোমবাৰে ২.৯৯ লাখ লোক সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, কোৰোণা সংক্ৰমিতৰ মুঠ সংখ্যা ২ কোটি ২ লাখ ৭৫ হাজাৰ ৫৪৩জন হৈছেগৈ। যিটো সংক্ৰমণৰ মুঠ ঘটনাৰ ১৭ শতাংশ। দেশত কোৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ২ লাখ ২২ হাজাৰ ৬৬৬জন। এতিয়ালৈ ১.৬২ কোটি লোকে এই ভাইৰাছক পৰাস্ত কৰি সুস্থ হৈছে। কোৰোণাৰ সক্ৰিয় ৰোগীৰ সংখ্যা এতিয়া ৩৪ লাখ ৪৪ হাজাৰ ৫৪৮জন।
সৰ্বাধিক লোক মৃত্যু হোৱা দেশৰ ভিতৰত ভাৰতে মেক্সিকোক পিছ পেলাই তৃতীয় স্থান দখল কৰিছে। আমেৰিকা প্ৰথম স্থানত আছে। আমেৰিকাত ৫.৯২ লাখ আৰু ব্ৰাজিলত ৪.০৭ লাখ লোকৰ মৃত্যু হৈছে। চতুৰ্থ স্থানত থকা মেক্সিকোত এতিয়ালৈ ২.১৭ লাখ লোকৰ মৃত্যু হৈছে।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 9:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি