உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • ULFA(I), Himanta Biswa Sarma : ''সাৰ্বভৌমত্বক' লৈ ULFA(I)ৰে আলোচনাৰ বাবে সাজু হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা', TOIৰ বাতৰিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

    ULFA(I), Himanta Biswa Sarma : ''সাৰ্বভৌমত্বক' লৈ ULFA(I)ৰে আলোচনাৰ বাবে সাজু হোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা', TOIৰ বাতৰিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

    ULFA(I), Himanta Biswa Sarma : এই বাতৰিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ছচিয়েল মিডিয়াযোগে এই বাতৰিক মিছা আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে।

    ULFA(I), Himanta Biswa Sarma : এই বাতৰিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ছচিয়েল মিডিয়াযোগে এই বাতৰিক মিছা আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে।

    ULFA(I), Himanta Biswa Sarma : এই বাতৰিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ছচিয়েল মিডিয়াযোগে এই বাতৰিক মিছা আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে।

    • Share this:
    হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ পিছতে আলফা স্বাধীন ULFA(I)ৰ সৈতে আলোচনা প্ৰক্ৰিয়া আগবঢ়াৰ নতুন আশা জাগিছিল। পৰেশ বৰুৱা (Paresh Baruah)ৰো পূৰ্বতকৈ কোমল মনোভাৱে ৰাইজক পতীয়ন নিয়াব পাৰিছিল। শান্তি আলোচনাক (Peace Talk)লৈ মুখ্যমন্ত্ৰীৰ তৎপৰতাও লক্ষণীয়। কিন্তু শেহতীয়াকৈ এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰত প্ৰকাশিত বাতৰিক লৈ ক্ষুব্ধ হৈ উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

    Times of Indiaত প্ৰকাশিত বাতৰি এটাক লৈ ছচিয়েল মিডিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। বাতৰিটোৰ শিৰোনামত লিখা হৈছে এইদৰে-'ULFA(I)ৰ মূল দাবী সাৰ্বভৌমত্ব (Sovereignty)ক লৈ আলোচনাৰ বাবে সাজু হোৱা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা।'



    এই বাতৰিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ছচিয়েল মিডিয়াযোগে এই বাতৰিক মিছা আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয়, "টাইমছ অৱ ইণ্ডিয়াত এই বাতৰিটো দেখি ক্ষুব্ধ হৈছোঁ। কোনো মুখ্যমন্ত্ৰীয়ে কাৰো সৈতে ভাৰতৰ সাৰ্বভৌমত্বক লৈ আলোচনা কৰিব নোৱাৰে।  এইটো অমীমাংসাযোগ্য। আমি সকলো ভাৰতীয়, আমাৰ পদবী নিৰ্বিশেষে, ভাৰতৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ আছোঁ। মই এই বাতৰিটো কঠোৰভাৱে খণ্ডন কৰোঁ। এইটো মিছা।"



    উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰা বুলি বাতৰিটোত প্ৰকাশ পাইছে।
    Published by:Manjumoni Borah
    First published: