মুখ্যপৃষ্ঠা »খবৰ »Uncategorized »Crackdown on Child Marriage : 'অবৈধ স্বামী'ৰ বিৰুদ্ধে অভিযানৰ মাজতে বাল্য বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান, আৰক্ষী দেখি পলাই পত্ৰং দিলে দৰা

Crackdown on Child Marriage : 'অবৈধ স্বামী'ৰ বিৰুদ্ধে অভিযানৰ মাজতে বাল্য বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান, আৰক্ষী দেখি পলাই পত্ৰং দিলে দৰা

Crackdown on Child Marriage in Assam : কইনাৰ পৰিয়ালে জানিবলৈ দিয়া মতে, কইনাৰ বয়স আছিল ১৭ বছৰ।

Crackdown on Child Marriage in Assam : কইনাৰ পৰিয়ালে জানিবলৈ দিয়া মতে, কইনাৰ বয়স আছিল ১৭ বছৰ।

  • Share this:

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অবৈধ স্বামীৰ বিৰুদ্ধে আজি অভিযান আৰম্ভ কৰা দিনটোতে আৰক্ষীয়ে পালে আন এক বাল্য বিবাহ অনুষ্ঠানৰ খবৰ।


খবৰ পাই আৰক্ষীয়ে লগে লগে উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ কৰে কইনা ৰূপী নাবালিকাক। ইফালে দৰাই সুযোগ বুজি পলাবলৈ বাধ্য হয়। এই ঘটনা সংঘটিত হৈছে হোজাইত। তথ্য অনুসৰি যোৱা ১২ জানুৱাৰীত পতা হৈছিল বিবাহ অনুষ্ঠান আৰু আজি আছিল অভ্যৰ্থনা অনুষ্ঠান।


লংকাৰ খ্ৰীং খ্ৰীং গাঁৱত অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ভাত-মাছ-মাংস সকলোবোৰ আয়োজন কৰা হৈছিল ৰভাতলীত। মানুহ ভৰি পৰিছিল অনুষ্ঠানত। কিন্তু আৰক্ষী অহাৰ লগে লগে হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰে অভ্যৰ্থনা অনুষ্ঠানত। সকলো যা-জোগাৰ তেনেদৰে পৰি ৰয় ৰভাতলীত। আৰক্ষীয়ে ইতিমধ্যে দৰা আৰু কইনা পক্ষৰ কেইবাগৰাকীও লোকক বাছত উঠাই থানালৈ আনে।


কইনাৰ পৰিয়ালে জানিবলৈ দিয়া মতে, কইনাৰ বয়স আছিল ১৭ বছৰ। উল্লেখ্য, বাল্যবিবাহৰ বিৰুদ্ধে অভিযানৰ এই দিনটোতে লংকাৰ বাল্য বিবাহৰ অনুষ্ঠানে সকলোকে আচম্বিত কৰিছে।

শেহতীয়া বাতৰি