মুখ্যপৃষ্ঠা » খবৰ

» Uncategorized

»তামাৰহাটৰ দুৰ্গাপূজাত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰী, গৌৰীপুৰত ৰাজপৰিয়ালৰে মত বিনিময় ড০ হিমন্ত বিশ্ব শৰ্মাৰ

তামাৰহাটৰ দুৰ্গাপূজাত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰী, গৌৰীপুৰত ৰাজপৰিয়ালৰে মত বিনিময় ড০ হিমন্ত বিশ্ব শৰ্মাৰ

News18 Assam | News18-Assam
Updated:October 13, 2021, 7:36 PM IST
তামাৰহাটৰ দুৰ্গাপূজাত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰী, গৌৰীপুৰত ৰাজপৰিয়ালৰে মত বিনিময় ড০ হিমন্ত বিশ্ব শৰ্মাৰ
প্ৰতিমা বৰুৱা পান্ডেৰ স্মৃতিবিজড়িত গৌৰীপুৰৰ ঐতিহ্যময়ী হাৱামহল প্ৰাসাদক পৰিয়ালৰ অনুমতি সাপেক্ষে সংগ্ৰহালয় ৰূপে সংৰক্ষণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰতিমা বৰুৱা পান্ডেৰ স্মৃতিবিজড়িত গৌৰীপুৰৰ ঐতিহ্যময়ী হাৱামহল প্ৰাসাদক পৰিয়ালৰ অনুমতি সাপেক্ষে সংগ্ৰহালয় ৰূপে সংৰক্ষণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰিলে ধুবুৰীৰ ঐতিহ্যবাহী তামাৰহাট দুৰ্গা মন্দিৰ। তাতেই দুৰ্গামাৰ পৰা লয় আশিস। ধুবুৰীৰ ঐতিহ্যবাহী দুৰ্গা মন্দিৰ তামাৰহাট দুৰ্গা মন্দিৰত বুধবাৰে উপস্থিত হৈ ড° হিমন্ত বিশ্ব শৰ্মাই কয়, "গৌৰীপুৰ, বিলাসীপাৰা এই গোটেই অঞ্চলটোত দুৰ্গা পূজাৰ সময়ত ৰাইজক লগ পাবলৈ আহিছোঁ। তামাৰহাটতো আহি এই সাৰ্বজনীন দুৰ্গাপূজা উৎসৱত অংশ লৈ ৰাইজৰ লগত কথা–বাৰ্তা পাতি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ।" 


উল্লেখ্য যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে তামাৰহাটত উপস্থিত হয় অসমৰ এগৰাকী  মুখ্যমন্ত্ৰী। তেওঁ হ'ল ড° হিমন্ত বিশ্ব শৰ্মা। তামাৰহাটত মুখ্যমন্ত্ৰীৰ আগমনৰ বাৰ্তাই ধুবুৰী জিলাৰ ঐতিহ্যবাহী দুৰ্গা মন্দিৰ তামাৰহাট দুৰ্গাপূজাস্থলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।  উল্লেখ্য যে ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে ধুবুৰী জিলাৰ অতিকৈ পিছপৰা অসম–বংগ সীমান্তৱৰ্তী তামাৰহাটত পদাৰ্পণ কৰা নাছিল। সেয়ে অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকীক লগ পাই আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যায়।


ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীয়ে গৌৰীপুৰৰ কোকৰাঝাৰস্থিত মা মহামায়া মন্দিৰত উপস্থিত হয়।


৪০০ বছৰ পুৰণি ঐতিহ্যবাহী বগৰীবাৰী মহামায়া মন্দিৰত পূজাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।


ধুবুৰীত পূজাস্থলীত অংশ লোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাৱামহল পৰিদৰ্শন কৰি ৰাজপৰিয়ালৰ বংশধৰসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিমা বৰুৱা পান্ডেৰ স্মৃতিবিজড়িত গৌৰীপুৰৰ ঐতিহ্যময়ী এই হাৱামহল প্ৰাসাদটোক পৰিয়ালৰ অনুমতি সাপেক্ষে তেওঁ সংগ্ৰহালয় ৰূপে সংৰক্ষণৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য, আজি ধুবুৰীৰ গমনৰ সময়ত মুখ্যমন্ত্ৰীৰ লগতে থাকে গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ।

Published by: Gautam Barman
First published: October 13, 2021, 7:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি