ফেনে-ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
ফেনে-ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
ফেনে-ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। প্ৰতি ঘণ্টাত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি হৈছে ৩ ৰ পৰা ৪ ছেণ্টিমিটাৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠই অতিক্ৰম কৰিলে ৱাৰ্নিং লেবেল। ফলত কামৰূপ জিলা প্ৰশাসনে বৃহস্পতিবাৰৰ পৰা বন্ধ কৰি দিলে ফেৰী আৰু নাও সেৱা।
আজিৰে পৰা ৩১ মে’লৈ বন্ধ হৈ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী সকলোবোৰ নাও আৰু ফেৰী সেৱা। উজানবজাৰ ঘাট,লাচিত ঘাট আৰু ৰজাদুৱাৰ ঘাটত বন্ধ থাকিব সকলো সেৱা। উল্লেখযোগ্য যে,ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ এনেদৰে বৃদ্ধি হৈ থাকিলে ৩১ মে’ৰ পিছত পুনৰ বন্ধ হোৱাৰ সম্ভাৱনা আছে নাও আৰু ফেৰী সেৱা।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|