মঙলদৈ চহৰত আজি হঠাতে ঘোঙৰ আতংকই বিৰাজ কৰে। মঙলদৈৰ কৰিমচৌকাত এটা বাঘ প্ৰত্যক্ষ কৰাৰ পিছত তীব্ৰ আতংকই বিৰাজ কৰে। লগে লগে স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত উপস্থিত হয় বন কৰ্মীৰ দল।
কিন্তু দুৰ্ভাগ্যক্ৰমে এগৰাকী বনকর্মীক আক্ৰমণ কৰে ঘোঙে, ফলত আহত হয় বনকৰ্মী টংকেশ্বৰ শৰ্মা। ইয়াৰ লগতে ঘোঙৰ আক্ৰমণত মৃণ্ময় ডেকা নামৰ এটি ১২ বছৰীয়া কিশোৰো আহত হয় (Black panther in Mangaldoi)।
বনকর্মী আৰু মঙলদৈ আৰক্ষী উপস্থিত হৈছে যদিও এতিয়ালৈ ঘোংটো ধৰিবলৈ সক্ষম হোৱা নাই ।
ইফালে ঘোং চাবলৈ মানুহৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখ্য, ঘোং বিলুপ্ত প্ৰজাতিৰ জন্তু ৰূপে ঘোষণা কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|