চৈত্ৰ নৱৰাত্ৰী (Navaratri)ৰ সময়তে শক্তিপীঠ কামাখ্যা (Kamakhya Temple)ত আয়োজন কৰা হৈছে বাসন্তী পূজাৰ। শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ৰ বাৰ্ষিক বাসন্তী পূজা (Basanti Puja) ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। সপ্তমী পূজাৰে আৰম্ভ বাসন্তী পূজা। পূজাৰ কেইদিনত তলত দিয়া ধৰণে মন্দিৰৰ দুৱাৰ খোলা বা বন্ধ থাকিব।
৮ এপ্ৰিল, ২৪ চ'তত পুৱা ৮.৩০ বজাৰ পৰা খোলা হ' আৰু সূৰ্যাস্তৰ পিছত বন্ধ কৰা হ'ব।
৯ এপ্ৰিল অৰ্থাত ২৫ চ'তত হ'ব অষ্টমী পূজা। সেইদিনা পুৱা ৯.৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব আৰু বিয়লি ৪ বজাত বন্ধ কৰা হ'ব।
১০ এপ্ৰিল অৰ্থাত ২৬ চ'তত হ'ব নৱমী পূজা। সেইদিনা মন্দিৰৰ দুৱাৰ পুৱা ৯.৩০ বজাত খোলা হ'ব আৰু সূৰ্যাস্তৰ পিছত বন্ধ কৰা হ'ব।
এক বিবৃতিযোগে এইখিন কথা জনাইছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। দেৱালয়ৰ তৰফৰ পৰা এইকেইদিনত ভিআইপি (VIP) আৰু ভিভিআইপি (VVIP)ৰ দৰ্শনৰ ব্যৱস্থা সীমিত ৰখা হৈছে। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|