• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ONGCৰ অসম সম্পদৰ নাজিৰা খণ্ড OILক গতাই দিয়াৰ বিৰোধিতা, নাজিৰাত প্ৰতিবাদৰ ঢৌ

ONGCৰ অসম সম্পদৰ নাজিৰা খণ্ড OILক গতাই দিয়াৰ বিৰোধিতা, নাজিৰাত প্ৰতিবাদৰ ঢৌ

ONGCৰ অসম সম্পদক OILক গতাই দিয়া কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি আছুৰ হুংকাৰ। বীৰ লাচিত সেনাৰো প্ৰতিবাদ।

  • Share this:
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অ'এনজিচি (ONGC)অসম সম্পদৰ নাজিৰা খণ্ড আৰু নাথাকিব বুলি ঘোষণা কৰাৰ পাছতেই জ্বলিছে নাজিৰা। ONGC অসম সম্পদৰ নাজিৰা খণ্ড অইল (OIL)ক গতাই দিয়াৰ কুচকাৱাজ আৰম্ভ হোৱা বুলি জানিব পৰাৰ পাছতেই গৰজি উঠিছে একাধিক দল সংগঠন।

আজি ONGCৰ অসম সম্পদৰ নাজিৰা কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলা ছাত্ৰ সন্থাই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ONGCৰ অসম সম্পদক অইলক গতাই দিয়া কাৰ্য্য  কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি আছুৱে হুংকাৰ দিয়ে। ইফালে প্ৰতিবাদস্থলীত ONGCৰ এজন বিষয়াই আছুকৰ্মীসকলক দুঃব্যৱহাৰ কৰাক লৈও তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়।

ইফালে বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ নেতৃত্বতো অৰ্দ্ধশতাধিক কৰ্মীয়ে অসম সম্পদৰ নাজিৰা মূখ্য কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Published by:Manjumoni Borah
First published: