Angkita Dutta Slams CM Himanta Biswa Sarma: কংস মামাৰ উৎপাত বাঢ়িছে : অংকিতা দত্ত
কংস মামাৰ উৎপাত বাঢ়িছে বুলি প্ৰাকাৰন্তৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক পুনৰ সমালোচনা কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত (Angkita Dutta)ই। কংস মামাই যুৱক-যুৱতীক বুলেট দিম বুলি কৈ এতিয়া আঁঠুৰ তলত বুলেট দি নিজৰ প্ৰতিশ্ৰুতি ৰাখিছে বুলি কটাক্ষ কৰে অংকিতা দত্তই।
শাষনাধিষ্ঠ বিজেপি দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰি অংকিতা দত্তই কয় যে শাসকীয় দলটোৱে কথা দি কথা ৰাখিব পৰা নাই। বিজেপিয়ে ৰাজ্যৰ উন্নয়নৰ বাবে চিন্তা কৰা নাই বুলিও কয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে।
মামা আৰু মামা বাহিনীয়ে কংগ্ৰেছক যিমানেই সমালোচনা কৰিব কংগ্ৰেছ (Congress) দল সিমানেই শক্তিশালী হব বুলি কয় প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্তই। "সাধাৰণ এখন স্মাৰক পত্ৰ দিবলৈ যাওতে কংস মামাই আৰক্ষী লগাই আমাক চোচৰালে", এই মন্তব্য কৰি নিজৰ ক্ষোভ উজাৰিলে অংকিতা দত্তই।
অংকিতা দত্তই লগতে কয় যে বিজেপিয়ে নিজ দলৰ কথা চিন্তা কৰক কংগ্ৰেছৰ কথা ভাবিব নালাগে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|