গৰিয়া–মৰিয়া, দেশী অধ্যুষিত অঞ্চলত বিধায়ক আমিনুল ইছলামৰ প্ৰৱেশ নিষিদ্ধ কৰিব সদৌ অসম গৰিয়া-মৰিয়া,দেশী জাতীয় পৰিষদে৷ আজি ধুবুৰীত এক সংবাদ মেল যোগে এই ঘোষণা কৰিলে সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানে৷ সংবাদমেলখনত নিজ দলৰে বিধায়ক এগৰাকীয়ে আহোম সম্প্ৰদায় সন্দৰ্ভত কৰা বিৰূপ মন্তৱ্যৰ পিছতো এ আই ইউ ডি এফ নেতা বদুৰুদ্দিন আজমলে নিমাতী কইনা হৈ বহি থকাৰ অভিযোগ তুলি স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাই সদৌ সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে। অন্যথা গৰিয়া–মৰিয়া,দেশী অঞ্চলত AIUDF বাহিনীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰো প্ৰদান কৰিছে সংগঠনটোৱে।
![]()
ইফালে ৰাজ্যৰ মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে সংগঠনটোৱে৷ এই সন্দৰ্ভত সংগঠনটোৱে কয় যে, ‘শিক্ষাৰ অধিকাৰ সকলোৰে আছে এনে ক্ষেত্ৰত ছেবাৰ অধীনত চলা মাদ্ৰাছা আৰু টোল বন্ধৰ কোনো যুক্তি নাই। গৰিয়া–মৰিয়া দেশীৰ লগতে অন্যান্য খিলঞ্জীয়া ইছলাম ধৰ্মীয় লোকৰ আৰ্থ সামাজিক উন্নতিৰ জৰীপ মাৰ্চৰ ভিতৰতে আৰম্ভ কৰাৰ দাবীও জনায় সংগঠনটোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|