
representative image
উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাজ উচ্চ ন্যালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰি অনলাইন সুৰাৰ হোম ডেলিভাৰী পৰীক্ষামূলক ভাৱে কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।
সুৰাৰ হোম ডেলিভাৰীত ৰাজ্য চৰকাৰৰ কেবিনেটৰ অনুমোদন। প্ৰথমে গুৱাহাটীত পৰীক্ষামূলকভাৱে কৰা হ'ব সুৰাৰ হোম ডেলিভাৰী। এমাহৰ বাবে এই প্ৰক্ৰিয়া পৰীক্ষামূলকভাৱে কৰা হ'ব । আজি চৰকাৰৰ নবমখন কেবিনেট বৈঠকত এই সিদ্ধন্ত লোৱা হয়।
কোৰোণাৰ সংক্ৰমণলৈ লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। উচ্চতম ন্যায়ালয় আৰু মাদ্ৰাজ উচ্চ ন্যালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰি অনলাইন সুৰাৰ হোম ডেলিভাৰী পৰীক্ষামূলক ভাৱে কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। চৰকাৰী নোটিফিকেচন ওলোৱাৰ লগে লগে এই সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰা হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|