মুখ্যপৃষ্ঠা »খবৰ »Uncategorized »Assam Budget 2021-22: বাজেটত গৰু-ম'হৰ মাইকী পোৱালিৰ সংখ্যা বৃদ্ধিৰ আঁচনি। টাৰ্গেট ৯০% মাইকী পোৱালি।

Assam Budget 2021-22: বাজেটত গৰু-ম'হৰ মাইকী পোৱালিৰ সংখ্যা বৃদ্ধিৰ আঁচনি। টাৰ্গেট ৯০% মাইকী পোৱালি।

প্ৰথম বছৰত এই পদ্ধতিৰ জড়িয়তে প্ৰায় ১২০০০ মাইকী গৰু-ম'হৰ পোৱালি জন্ম দিব পৰা যাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী ৪ বছৰত এই সংখ্যা ৫০০০০লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম বছৰত এই পদ্ধতিৰ জড়িয়তে প্ৰায় ১২০০০ মাইকী গৰু-ম'হৰ পোৱালি জন্ম দিব পৰা যাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী ৪ বছৰত এই সংখ্যা ৫০০০০লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

  • Share this:
আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত গৰু-ম'হৰ মাইকী পোৱালিৰ সংখ্যা বৃদ্ধিৰ আঁচনিও ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই আঁচনিৰ অধীনত জন্ম হোৱা গৰু-ম'হৰ পোৱালিৰ ভিতৰত ৮০%ৰ পৰা ৯০% মাইকী পোৱালি হ'ব।

ৰাজ্যত গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এই আঁচনি। ইয়াৰ বাবে চৰকাৰে দুগ্ধ ব্যৱসায়ী আৰু গোপালক সকলক কৃত্ৰিম শুক্ৰাণু যোগানৰ ব্যৱস্থা কৰিব। ৫০ হাজাৰ গৰু-ম'হক সামৰি লব পৰাকৈ টলিত বছৰতে জেশৰ বিভিন্ন প্ৰতিস্থিত উতসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ প্ৰস্তান লৈছে চৰকাৰে।

প্ৰথম বছৰত এই পদ্ধতিৰ জড়িয়তে প্ৰায় ১২০০০ মাইকী গৰু-ম'হৰ পোৱালি জন্ম দিব পৰা যাব বুলি আশা কৰা হৈছে। পৰৱৰ্তী ৪ বছৰত এই সংখ্যা ৫০০০০লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

শেহতীয়া বাতৰি