এইবাৰ নিৰ্বাচনত আকৰ্ষণীয় যুজঁ হ'ব মৰিয়নী সমষ্টিত। কেইদিনমান পূৰ্বে মৰিয়নীত পদযাত্ৰা কৰি বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ প্ৰচাৰ চলাইছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পদযাত্ৰাত মৰিয়নীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছিল কেইবাহাজাৰ লোকক। ইয়াৰ পিছতে শনিবাৰে মৰিয়নীত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাটো দহ সহস্ৰাধিক লোকৰ সমাৱেশ ঘটে।
ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ , " মৰিয়নীত স্মৃতি ইৰাণী , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাত মাত্ৰ ২৫০০ মান মানুহ হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ ৰেলীলৈ বিভিন্ন ঠাইৰ পৰা মানুহ অনা হৈছিল। কেৱল মৰিয়নীৰ পৰা দুহাজাৰ মানুহ হিমন্ত বিশ্বৰ সভাত গোটাই দেখুৱাওক। মই চেলেঞ্জ কৰিছো।"
ৰূপজ্যোতি কুৰ্মীয়ে এই নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা কৰে। ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে, তেওঁ কৰা কামৰ ফল ভোগ কৰিব লগা হৈছে জনসাধাৰণে । মৰিয়নী ৰেল জংছনটো ব্যক্তিগত খণ্ডৰ হাতত গটোৱাৰ ফলত এতিয়া কোনো লোকে ষ্টেছনলৈ ২০ টকীয়া ডোচা খাবৰ বাবে ৫০ টকাৰ প্লেটফৰ্ম টিকট কাটিব লাগে বুলি ৰূপজ্যোতি কুৰ্মীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সমালোচনা কৰে ।
আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ সমষ্টিলৈ ষ্টাৰ কেম্পেইনাৰৰ দ্বাৰা প্ৰচাৰ চলোৱাৰ কোনো পৰিকল্পনা নাছিল বুলি কয় । ৰাহুল গান্ধী ডাঙৰীয়া এআইচিচি আৰু এপিচিচি ৰ সিদ্ধান্ত মৰ্মেহে প্ৰচাৰ চলাবলৈ আহিছে বুলি কয় ৰূপজ্যোতিয়ে। তেওঁৰ মতে মৰিয়নীত বিশেষ কষ্ট কৰিব লগা নাই। কিন্তু বিজেপিয়েহে মৰিয়নী সমষ্টিক লৈ অতিকৈ উদ্বিগ্ন হৈ পৰিছে বুলি মন্তব্য কৰে মৰিয়নীৰ তিনিটা কাৰ্যকালৰ বিধায়কগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|