আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তিৰ অভিযোগত অসম অসামৰিক সেৱাৰ (ACS) বিষয়া চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ। মঙলবাৰে মুখ্যমন্ত্ৰীৰ স্পেচিয়েল ভিজিলেঞ্চ ছেলে তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পদ সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
২৩ জুন ২০০২ৰ পৰা ৪ এপ্ৰিল ২০২১ৰ সময়ছোৱাৰ আয় আৰু সম্পত্তি অনুসন্ধানৰ সময়ত চাইবুৰৰ নিজৰ নামত বা তেওঁৰ দুই পত্নীৰ নামত ৮৯টা স্থাৱৰ সম্পত্তিৰ পঞ্জীয়ন দেখা গৈছিল, যাৰ মূল্য ১০০ কোটিৰো অধিক। সেই সময়ত ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ৰূপে থকা ৰহমানে "অবৈধ আৰু দুৰ্নীতিপূৰ্ণ উপায়েৰে বৃহৎ সম্পত্তি" অৰ্জন কৰা বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ স্পেচিয়েল ভিজিলেঞ্চ চেলে বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি আছিল।
এই অনুসন্ধানত তেওঁৰ ৬.৩৮ কোটি টকাৰো অধিক মূল্যৰ স্থানান্তৰযোগ্য আৰু অস্থাৱৰ সম্পত্তিও উদ্ধাৰ কৰে, যি তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত ৯৫ শতাংশ অসামঞ্জস্যপূৰ্ণ আছিল।
চি এম ভিজিলেঞ্চৰ চেলৰ তদন্তকাৰী বিষয়াই বিবৃতিত কয়– "ইচ্ছাকৃতভাৱে নিজকে অবৈধভাৱে সমৃদ্ধ কৰা ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত ভৌতিক প্ৰমাণ বিচাৰি পোৱাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়াজনে তেওঁ সংগ্ৰহ কৰা সম্পত্তিৰ সন্তোষজনক হিচাপ দিবলৈ অক্ষম হৈছে।'
এচিএছ বিষয়াজনৰ বিৰুদ্ধে এই তথ্য পোৱাৰ পিছতে Case no- 01/ 2021/ U/S 420/ 406/ 409 IPC R/W sec 13(1)(b)/ 2(c) গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে। আজি তেওঁক বিশেষ আদালতত হাজিৰ কৰোৱা হয়। আদালতে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে চাইবুৰ ৰহমানক। অৱশ্যে আদালতৰ পৰা ওলাই চাইবুৰ ৰহমানে কয়– 'মোৰ ওপৰত অন্যায় হৈছে, সকলো তথ্য জমা দিয়া আছে।'
উল্লেখ্য, ৰহমান বৰ্তমান সংখ্যালঘু আৰু উন্নয়ন বিভাগৰ কল্যাণ বিভাগত উপ-সচিব হিচাপে নিযুক্ত হৈ আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|