• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • Asia Cup Hockey: ইণ্ডোনেছিয়াক ১৬-০ গ’লত শোচনীয়ভাৱে পৰাস্ত কৰি এছিয়া কাপৰ ছুপাৰ চাৰিত ভাৰত

Asia Cup Hockey: ইণ্ডোনেছিয়াক ১৬-০ গ’লত শোচনীয়ভাৱে পৰাস্ত কৰি এছিয়া কাপৰ ছুপাৰ চাৰিত ভাৰত

Asia Cup Hockey: ভাৰত আৰু পাকিস্তান দুয়োখনেই পুল Aত জাপানৰ পিছতে চাৰি পইণ্টকৈ লাভ কৰিছিল যদিও উন্নত গ’ল পাৰ্থক্যৰ ভিত্তিত ছুপাৰ ৪ৰ বাবে যোগ্যতা অৰ্জন কৰিলে ভাৰতে।

  • Share this:
বৃহস্পতিবাৰে আয়োজক দেশ ইণ্ডোনেছিয়া (Indonesia)ক শোচনীয়ভাৱে ১৬-০ গ’লত পৰাস্ত কৰি এছিয়া কাপ হকী (Asia Cup Hockey)ৰ ছুপাৰ ৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে ভাৰতৰ যুৱ পুৰুষ হকী দলে (India men’s hockey)। এই বৃহৎ জয়ে ভাৰতক প্ৰতিযোগিতাখনৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰাটো নিশ্চিত কৰাই নহয়, পাকিস্তান (Pakistan)ৰ বাবেও দুৱাৰ বন্ধ কৰি দিলে।

পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাৰ বাবে ভাৰতে ইণ্ডোনেছিয়াক ১৫-০ বা তাতোকৈ অধিক গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ প্ৰয়োজন আছিল। কিন্তু ডিফেণ্ডিং চেম্পিয়ন দলটোৱে দিপছান তিৰ্কীৰ পাঁচটা গ’ল আৰু সুদেৱ বেলিমাগাৰ তিনিটা গ’লৰ সহায়ত অকল্পনীয় বিজয় সাব্যস্ত কৰিছিল।

ভাৰত আৰু পাকিস্তান দুয়োখনেই পুল Aত জাপানৰ পিছতে চাৰি পইণ্টকৈ লাভ কৰিছিল যদিও উন্নত গ’ল পাৰ্থক্যৰ ভিত্তিত ছুপাৰ ৪ৰ বাবে যোগ্যতা অৰ্জন কৰিলে ভাৰতে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি