• Home
  • »
  • News
  • »
  • uncategorized
  • »
  • ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা! মমতা বেনাৰ্জীয়ে দিব পাৰে বিশেষ অ'ফাৰ

ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা! মমতা বেনাৰ্জীয়ে দিব পাৰে বিশেষ অ'ফাৰ

ৰিপুণ বৰাৰ সৈতে সু-সম্পৰ্ক থকা বহু নেতা-কৰ্মীকো তৃণমূলত যোগদানৰ বাবে দলটোৰ নেতৃত্বই যোগাযোগ কৰাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে কংগ্ৰেছৰ নেতৃবৰ্গক।

ৰিপুণ বৰাৰ সৈতে সু-সম্পৰ্ক থকা বহু নেতা-কৰ্মীকো তৃণমূলত যোগদানৰ বাবে দলটোৰ নেতৃত্বই যোগাযোগ কৰাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে কংগ্ৰেছৰ নেতৃবৰ্গক।

ৰিপুণ বৰাৰ সৈতে সু-সম্পৰ্ক থকা বহু নেতা-কৰ্মীকো তৃণমূলত যোগদানৰ বাবে দলটোৰ নেতৃত্বই যোগাযোগ কৰাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে কংগ্ৰেছৰ নেতৃবৰ্গক।

  • Share this:
যেন বিপদে লগ নেৰা হৈছে কংগ্ৰেছক দলক। দুজনকৈ বিধায়কৰ দলত্যাগৰ বিপৰীতে আন এজন বিধায়কে মুকলিকৈ বিজেপিক সমৰ্থন কৰাৰ পিছত দলটোত বৰ্তমান চৰম অচলাৱস্থাই বিৰাজ কৰিছে। ইয়াৰ লগতে উপ-নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ বলি হোৱাৰ পিছত দলটোৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদানৰ বাবে সাজু হোৱাৰ খবৰে দলটোৰ ভিতৰচঁৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কংগ্ৰেছৰ এক ভিতৰুৱা সূত্ৰৰ খবৰ অনুসৰি ৰিপুণ বৰাৰ সৈতে দল এৰিবলৈ সাঁজু হৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ কংগ্ৰেছৰ নেতা-কৰ্মী। ৰিপুণ বৰাৰ সৈতে সু-সম্পৰ্ক থকা বহু নেতা-কৰ্মীকো তৃণমূলত যোগদানৰ বাবে দলটোৰ নেতৃত্বই যোগাযোগ কৰাৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে কংগ্ৰেছৰ নেতৃবৰ্গক।

বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছক  নেতৃত্ব দিয়া ৰিপুণ বৰাই এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়বৰণ কৰিছিল। বৰ্তমান প্ৰশ্ন উঠিছে ৰাজ্যসভাৰ নিৰ্বাচনত দলীয় অন্ত:কন্দলৰ বাবেই পৰাজয়ৰ মুখ দেখিব লগা হোৱাৰ ফলশ্ৰুতিতেই দলটোৰ প্ৰতি মোহভংগ ঘটিছিল ৰিপুণ বৰাৰ।

ইয়াৰ পিছতে, অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৰিপুণ বৰাই আম আদমী পাৰ্টিত যোগদানৰ প্ৰচেষ্টা চলোৱা বুলিও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছিল। কিন্তু শেহতীয়া ভাৱে ৰিপুণ বৰাই আম আদমী পাৰ্টিৰ সলনি তৃণমূল কংগ্ৰেছত হে যোগদানৰ বাবে যো-জা চলোৱাৰ খবৰ আহিছে। হয়তো সুস্মিতা দেৱৰ দৰে ৰিপুণ বৰাকো ৰাজ্যসভাৰ সাংসদৰ পদৰে পুৰস্কৃত কৰিব পাৰে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীয়ে। অৱশ্যে এই সংক্ৰান্তত বৰ্তমানলৈকে ৰিপুণ বৰাই সংবাদ মাধ্যমত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু ৰিপুণ বৰাৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছৰ আন বহু জ্যেষ্ঠ নেতাক যে তৃণমূল কংগ্ৰেছে টাৰ্গেট কৰি লৈছে সেয়াও খাটাং।
Published by:Himangshu Bhuyan
First published: