உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • uncategorized
    • »
    • Donation Controversy in Sivsagar : চান্দা নহয় আমি দান–বৰঙণিহে লওঁ, সকলো সংগঠনেই দান–বৰঙণি লয়, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সদস্যক গ্ৰেপ্তাৰৰ বিৰোধিতা

    Donation Controversy in Sivsagar : চান্দা নহয় আমি দান–বৰঙণিহে লওঁ, সকলো সংগঠনেই দান–বৰঙণি লয়, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সদস্যক গ্ৰেপ্তাৰৰ বিৰোধিতা

    কেৱল জাতীয় সংগঠনেই নহয়, ৰাজনৈতিক দলসমূহেও নিৰ্বাচন অহাৰ লগে লগে দান বৰঙণি সংগ্ৰহ কৰে। বিজেপিয়েও দান বৰঙণি লয়।"  যিকোনো অনুষ্ঠান পাতিবলৈ ৰাইজৰ পৰাই আমি মৰম স্নেহৰ মাজেৰে দান–বৰঙণি সংগ্ৰহ কৰোঁ। এয়াটো দাবী নহয়।

    কেৱল জাতীয় সংগঠনেই নহয়, ৰাজনৈতিক দলসমূহেও নিৰ্বাচন অহাৰ লগে লগে দান বৰঙণি সংগ্ৰহ কৰে। বিজেপিয়েও দান বৰঙণি লয়।"  যিকোনো অনুষ্ঠান পাতিবলৈ ৰাইজৰ পৰাই আমি মৰম স্নেহৰ মাজেৰে দান–বৰঙণি সংগ্ৰহ কৰোঁ। এয়াটো দাবী নহয়।

    কেৱল জাতীয় সংগঠনেই নহয়, ৰাজনৈতিক দলসমূহেও নিৰ্বাচন অহাৰ লগে লগে দান বৰঙণি সংগ্ৰহ কৰে। বিজেপিয়েও দান বৰঙণি লয়।"  যিকোনো অনুষ্ঠান পাতিবলৈ ৰাইজৰ পৰাই আমি মৰম স্নেহৰ মাজেৰে দান–বৰঙণি সংগ্ৰহ কৰোঁ। এয়াটো দাবী নহয়।

    • Share this:
    অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ চাৰিগৰাকী সদস্যক ধনদাবীৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সৰৱ হৈ পৰিছে সংগঠনটো।

    আৰক্ষীয়ে কোৱাৰ দৰে ধন দাবী নহয়, দান–বৰঙণি সংগ্ৰহ কৰাৰ বাবেহে পৰিষদৰ চাৰি গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰাটো কোনোপধ্যেই যুক্তিসংগত হ'ব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

    শিৱসাগৰ প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে হাতে হাতে প্লে কাৰ্ড লৈ  এখন সংবাদমেলত সম্বোধন কৰে। কেৱল অনুসূচিত জাতিৰ সংগঠনেই দান বৰঙণি সংগ্ৰহ নকৰে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগঠনে ৰাজহুৱা কামৰ বাবে দান বৰঙণি সংগ্ৰহ কৰে বুলি উল্লেখ কৰে সংগঠনটোৱে।

    সংগঠনটোৱে কয়, "কেৱল জাতীয় সংগঠনেই নহয়, ৰাজনৈতিক দলসমূহেও নিৰ্বাচন অহাৰ লগে লগে দান বৰঙণি সংগ্ৰহ কৰে। বিজেপিয়েও দান বৰঙণি লয়।"  যিকোনো অনুষ্ঠান পাতিবলৈ ৰাইজৰ পৰাই আমি মৰম স্নেহৰ মাজেৰে দান–বৰঙণি সংগ্ৰহ কৰোঁ। এয়া দাবী নহয়।"

    মনে সজা গোচৰত পৰিষদৰ চাৰি গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে। লগতে শীঘ্ৰেই তেওঁলোকক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে।

    উল্লেখযোগ্য যে বৃহস্পতিবাৰে শিৱসাগৰ আৰক্ষীয়ে চান্দা তোলাৰ বিৰুদ্ধে চলাই নিশাই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ চাৰি বিষয়ববীয়াক জোৰ কৰি চান্দা তোলা তথা ধনদাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

    সদৰ থানাত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা ১৩৫৪/২০২১ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ ধাৰাত গ্ৰেপ্তাৰ কৰে  সংগঠনটোৰ জিলা সভাপতি পিংকুমণি দাস, সদস্য পাৰ্থ দাস, জিন্টু দাস, দিগন্ত বৰাক ।

    আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱস উদযাপনৰ বাবে সংগ্ৰহ কৰিছিল চান্দা।

    লক্ষ্যণীয় যে বুধবাৰে নিশাও টাই আহোম যুৱ পৰিষদৰ  দুই সদস্যক ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল শিৱসাগৰ  আৰক্ষীয়ে। আৰক্ষীয়ে ডিমৌৰ বৰুৱা চাংমাই গাঁৱৰ পৰা শৈলেন চাংমাই আৰু সুনীল চাংমাইক সদৰ থানাত আৰক্ষীয়ে নিজাববীয়াকৈ  ৰুজু কৰা ১৩৫১ নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল।

    ইপিনে শুকুৰবাৰে বিয়লি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনে এক সংবাদমেল যোগে জিলাখনত কাকো চান্দা সংগ্ৰহ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে। দাবী ধমকিৰে চান্দা তুলিলেই আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাই এটা ফোন নম্বৰো মুকলি কৰি দিয়ে ।
    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: