মুখ্যপৃষ্ঠা »খবৰ »Uncategorized »বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী দুয়োজনেই বেপাৰীঃ কমলাক্ষ দে' পুৰকায়স্থ

বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী দুয়োজনেই বেপাৰীঃ কমলাক্ষ দে' পুৰকায়স্থ

বেপাৰ কৰি কংগ্ৰেছে নিজ দলৰ বিধায়ক বিক্ৰী কৰে BJPৰ হাতত: ৰফিকুল

বেপাৰ কৰি কংগ্ৰেছে নিজ দলৰ বিধায়ক বিক্ৰী কৰে BJPৰ হাতত: ৰফিকুল

  • Share this:

দুদিনমান শাম কাটিছিল যদিও আকৌ আৰম্ভ হ'ল কংগ্ৰেছ আৰু AIUDFৰ মাজৰ বাকযুদ্ধ ৷ এইবাৰ কংগ্ৰেছে AIUDFক বেপাৰী দল বুলি কোৱাৰ লগে লগে AIUDFয়ে আৰম্ভ কৰিলে কংগ্ৰেছৰ ইতিহাস খুঁচৰিবলৈ ৷ ক'লে- কংগ্ৰেছে বেপাৰ কৰি নিজ দলৰ বিধায়কক বিক্ৰী কৰে BJPৰ হাতত ৷


কাজিয়া মানে অন্ত নহ'ব কংগ্ৰেছ আৰু AIUDFৰ মাজত ৷ মাজতে দুদিনমানৰ বাবে থমকি ৰৈছিল ৷ পিছে দেওবাৰে পুনৰ আৰম্ভ কৰি দিলে কংগ্ৰেছে ৷ দিছপুৰৰ বিধায়ক আৱাসত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ক'লে- “AIUDF দলটো বন্ধ হ'ব লাগে ৷ বহু সহায় কৰিছে BJPক ৷  AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী দুয়োজনেই বেপাৰী ৷ আমি সেয়ে বেপাৰী দলৰ লগত নাই ৷”


কমলাক্ষ দে' পুৰকায়স্থৰ এই দাবীক নসাৎ কৰিলে AIUDFৰ জ্যেষ্ঠ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ৷ ৰফিকুলে ক'লে— “বেপাৰী আমি নহয় ৷ ৰাজনীতিত বেপাৰীৰ দল কংগ্ৰেছহে ৷ আজমলে ৫০খন দেশত ব্যৱসায় কৰে, কিন্তু ৰাজনীতিত বেপাৰ নকৰে ৷”


কংগ্ৰেছক আক্ৰমণ কৰি ৰফিকুল ইছলামে পুনৰ ক'লে— “কংগ্ৰেছে ইজনৰ পিছত সিজন বিধায়কক বেপাৰ কৰি BJPৰ হাতত বিক্ৰী কৰে ৷ কংগ্ৰেছৰ আচল চৰিত্ৰ ৰাইজে জানে ৷”


এয়াই কংগ্ৰেছ-AIUDFৰ বেপাৰৰ ৰাজনীতি৷ কথাৰ ৰাজনীতি ৷

শেহতীয়া বাতৰি